গুৱাহাটী,২১ অক্টোবৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি অসম লোকসেৱা আয়োগে ঘোষণা কৰিলে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি অসম অসামৰিক সেৱা (এ চি এছ)ৰ বাবে ১২১ জনক বাছনি কৰা হৈছে। অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বাবে ৬৯ জনক বাছনি কৰাৰ বিপৰীতে কৰ অধীক্ষক পদৰ বাবে বাছনি কৰা হৈছে ৬ জন প্ৰাৰ্থীক। ইফালে জিলা পৰিবহন বিষয়া (ডিটিঅ’)ৰ বাবে ৫ জনক আৰু শ্ৰম পৰিদৰ্শকৰ বাবে ১৮ জনক বাছনি কৰা হৈছে। ২৭ জনক কৰ পৰিদৰ্শক, আবকাৰী পৰিদৰ্শক পদত ৭ জনক, খণ্ড উন্নয়ন বিষয়া পদত ৩৩ জনক আৰু সহকাৰী নিয়োগ বিষয়া পদত বাছনি কৰা হৈছে ৪ জনক। আনহাতে উপ-পঞ্জীয়ক পদত ৩১ জন আৰু উদ্যোগ বিভাগৰ সহ-প্ৰবন্ধক পদত ১০ জনক বাছনি কৰা হৈছে। উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখিছে। ৰাজ্য চৰকাৰে লোৱা ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ সিদ্ধান্তক আজি বৈধতা প্ৰদান কৰিছিল ন্যায়ালয়ে। অসমীয়া ভাষা বিষয়ক পৰীক্ষা অবিহনেই ফলাফল ঘোষণা কৰাৰ বাবে অসম লোকসেৱা আয়োগক উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ পিছতেই আজি এ পি এছ চিয়ে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।
