ধুবুৰী, ২০ অক্টোবৰঃকোনো কাৰণতেই এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ ৰাজনৈতিক বুজাবুজি নহয়। বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিবিচাৰে এআইইউডিএফৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থকাটো; বুজাবুজি থকাটো আৰু আমাৰ হাই কমাণ্ডে সেয়া মানি লৈছে।’’ এই ভাষ্য এপিচিচিৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তৰ। আজি বিয়লিৰ ফালে ধুবুৰীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এআইইউডিএফ চুপ্ৰিমো তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ আৰু কয় যে, ‘‘সমগ্ৰ অসমৰ এশ শতাংশ মুছলমান ধৰ্মাৱলম্বীলোকে বদৰুদ্দিন আজমলক তেওঁলোকৰ নেতা বুলি মানি লোৱা নাই; মানি নলয়। আৰু যিসকলৰ তেখেতৰ ওপৰত সামান্য আস্থা আছিল ২০২১ৰ নিৰ্বাচনৰ পিছত তেওঁলোকৰো বদৰুদ্দিন আজমলৰ ওপৰত আস্থা হেৰুৱাইছে। তেওঁলোকে কৈছে যে, এওঁ ভাঙিবলৈ আহিছে; পাতিবলৈ অহা নাই।’’ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোনেও ভাৱিব নোৱাৰাকৈ ভাল ফল লাভ কৰিব বুলিও উল্লেখ কৰে তেওঁ। আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন লোকসভা আসনৰ ৮/৯ আসন পাব বুলিও সংবাদমেলখনত আশা প্ৰকাশ কৰা পোৱা যায় এপিচিচিৰ মিডিয়া কোষৰ অধ্যক্ষগৰাকীয়ে। আজিৰ সংবাদমেলখনত তেওঁ অহা ১ নৱেম্বৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া কংগ্ৰেছৰ ‘ভাৰত জোৰো’ যাত্ৰাৰ সৱিশেষ সদৰি কৰে। প্ৰায় দুমাহ ধৰি চলিবলগীয়া ৮৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই যাত্ৰাপথত দৈনিক একেৰাহে ১২/১৫ কিলোমিটাৰ পদব্ৰজে যাত্ৰা কৰাৰ বাবে ইতিমধ্যে দল এটি সাঁজু কৰা হৈছে বুলি জনায় তেওঁ আৰু ল’গতে সেই যাত্ৰাই স্পৰ্শ নকৰা জিলাসমূহৰ কংগ্ৰেছ নেতা–কৰ্মীসকলেও আহি আমন্ত্ৰিত অতিথি ৰূপে সেই যাত্ৰাত অংশ ল’ব বুলিও কয়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মনজিৎ মহন্তই ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া তেওঁলোকৰ ‘ভাৰত জোৰো’ যাত্ৰাৰ সময়ত দলটোৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ কেইবাগৰাকী নেতাৰ উপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়াংকা গান্ধীও উপস্থিত থকাৰ বিষয়টো লৈ কথা–বতৰা চলি থকা বুলি উল্লেখ কৰে। আনহাতে যোৱাকালি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আধাৰত ভোটদানেৰে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচিত কৰাৰ অনুৰূপে বিজেপি দলেও সেয়া কৰিবলৈ পাৰিব নেকি বুলিও আজিৰ সেই সংবাদ মেলখনত প্ৰত্যাহ্বান জনোৱা পোৱা যায় এপিচিচিৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তই। আজিৰ সেই সংবাদ মেলখনত এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদি আলম বৰা, মুখপাত্ৰ কুশল শৰ্মা আৰু ড৹ অশ্বিন কুমাৰ মহন্ত, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ চামছুল হ’ক, ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিধায়ক সোৱাহান আলী সৰকাৰ প্ৰমুখ্যে জিলা কংগ্ৰেছৰ অইন কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।
