গুৱাহাটী,২০ অক্টোবৰঃ অভিলাষী অৰুণোদয় আঁচনিখনৰ বিভিন্ন দিশ সামৰি আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। বিশেষকৈ ‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমান আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে বিধায়ক, উপায়ুক্ত আৰু প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে কনফাৰেঞ্চিঙৰ জৰিয়তে পৰ্যালোচনা কৰে। উল্লেখ যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চলোৱা জৰীপৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰি সেই তালিকা ইতিমধ্যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহলৈ প্ৰেৰণ কৰা হৈছে। উপায়ুক্তসকলৰ পৰা সেই তালিকা সংগ্ৰহ কৰি ১০ দিনৰ ভিতৰত তালিকাৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰী সংক্ৰান্তত অনুসন্ধান কৰাৰ লগতে পুনৰ অন্তৰ্ভুক্তিৰ বাবে কাৰণসহ সমিতিক তালিকা প্ৰস্তুত কৰিবলৈ বৈঠকত মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বাদ পৰা নামবিলাক পুনৰ চালিজাৰি চাই যোগ্য বিবেচিত হ’লে অন্তভুৰ্ক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে। যাতে কোনো যোগ্য লোক আঁচনিখনৰ পৰা বাদ পৰি নাযায়। নতুনকৈ যোগ্য হিতাধিকাৰীৰ নাম অতিৰিক্তভাৱে  অন্তভুৰ্ক্ত কৰাৰ ক্ষেত্রতো তেওঁ গুৰুত্ব আৰোপ কৰে। উল্লেখ যে ২০২০ চনৰ ২ অক্টোবৰত অসম চৰকাৰৰ দ্বাৰা মুকলি কৰা এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ প্ৰায় ২০ লাখ লোকক সামৰি লোৱা হৈছে। শেহতীয়াকৈ আঁচনিখনৰ ধনৰ‍াশি ১০০০ টকাৰ পৰা বৃদ্ধি কৰি ১২৫০ টকা কৰ‍া হৈছে। আঁচনিখনৰ ধন হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যেক মাহে জমা হয়। এই আঁচনিখন আৰু অধিক প্ৰসাৰ কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে। যাতে আৰু অধিক লোক আঁচনিখনৰ দ্বাৰা উপকৃত হয়। আজিৰ বৈঠকত মন্ত্ৰী অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মহন, সাংসদ পল্লৱলোচন দাস, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত আছিল।