গুৱাহাটী,২০ অক্টোবৰঃ অলপতে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা নিলম্বিত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বাসগৃহত আজি এনফৰ্চমেণ্ট ডাইৰেক্টৰীয়েট চমুকৈ ইডিয়ে অভিযান চলায়। ইডিৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত অহা এটা বৃহৎ দলে ৰৌণক আলী হাজৰিকাৰ গুৱাহাটীস্থ বাসগৃহত দীঘলীয়া সময়ৰ বাবে অভিযান চলোৱাৰ লগতে ৰৌণক আলী হাজৰিকা আৰু তেওঁৰ পত্নীক জেৰা কৰে। উল্লেখ যে অসম আৰক্ষীৰ পৰাই ইডিয়ে ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকা সংগ্ৰহ কৰিছিল। ইডিয়ে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে তৰা গোচৰৰ ভিত্তিত আজিৰ অভিযান চলায়। ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে ইডিৰ গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ত গোচৰ ৰুজু হৈছে।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰৌণক আলীক চাকৰিৰ পৰা নিলম্বন কৰিছিল। ইয়াৰ পাছত আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে বিগত বৰ্ষৰ ৫ অক্টোবৰত ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল। এবছৰ কাৰাগাৰত থকা অসম আৰক্ষীৰ নিলম্বিত উপ মহা পৰিদৰ্শক ৰৌণক আলী হাজৰিকাই ১৫ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল। মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক আলী হাজৰিকা। ১০ লাখ টকা আমানতৰ ধনৰ বিনিময়ত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ঘৰলৈ অহাৰ পাছত এইবাৰ ইডিৰ জেৰাৰ সন্মূখীন হৈছে ৰৌণক আলী হাজৰিকা।