গুৱাহাটী,২০ অক্টোবৰঃ কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ। অসমৰ এই পাহাৰীয়া জিলাখনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। অসম চৰকাৰে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা ‘অশান্ত অঞ্চল’ৰ নাম প্ৰত্যাহাৰ কৰে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত শেহতীয়া পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়। চৰকাৰে জাৰি কৰা এক জাননীত কোৱা হৈছে যে শেহতীয়াকৈ অসমত আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাই ইংগিত দিছে যে ৰাজ্যখনৰ পশ্চিম কাৰ্বি আংলং জিলাত পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। যাৰ বাবেই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ধাৰা ৩ ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি আৰু পূৰ্বৰ অধিসূচনাৰ অতিৰিক্ত অধিৱেশনত ৰাজ্যপালে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা অশান্ত অঞ্চলৰ নাম প্ৰত্যাহাৰ কৰে। ইয়াৰ পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ উপৰি আন আঠখন জিলা আৰু এটা চাব-ডিভিজনক অশান্ত অঞ্চলৰ ভিতৰত ৰখা হৈছিল। সেই কেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বিআংলং, ডিমা হাচাও আৰু কাছাৰৰ লক্ষীপুৰ চাব-ডিভিজনৰ কিছু অংশ। পশ্চিম কাৰ্বি আংলং জিলা অশান্ত অঞ্চলৰ মুক্ত হ’লেও কিন্তু বাকী আঠখন জিলা আৰু এটা চাব-ডিভিজন এতিয়াও অশান্ত অঞ্চল হিচাপে চিহ্নিত হৈ আছে। এই আঠখন জিলা আৰু কাছাৰ জিলাৰ লক্ষীপুৰ চাব-ডিভিজনত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে। ১ অক্টোবৰৰ ছমাহৰ বাবে সংশ্লিষ্ট এলেকাক পুনৰ ‘অশান্ত অঞ্চল’ বুলি ঘোষণা কৰা হৈছে।