নিউজ ডেক্স,২০ অক্টোবৰঃ বিশ্বৰ অষ্টম ধনাঢ্য ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এইবাৰ ডুবাইত আন এক নতুন সম্পত্তি ক্ৰয় কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আম্বানীয়ে ডুবাইৰ পাম জুমেৰাহত প্ৰায় ১৩৫৪ কোটি টকা ব্যয়সাপেক্ষে আন এটা অট্টালিকা ক্ৰয় কৰিছে। এই চুক্তিৰ সৈতে জড়িত লোকসকলে কয় যে এইটোৱেই হৈছে চহৰখনৰ আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ আৱাসিক সম্পত্তিৰ চুক্তি। এই সম্পত্তি ক্ৰয় কৰাৰ লগে লগে মুকেশ আম্বানীয়ে নিজৰেই এক অভিলেখ ভংগ কৰিছে। প্ৰকৃততে চলিত বৰ্ষৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে তেওঁৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বাবে পাম জুমেৰাহত প্ৰায় ৬৪০ কোটি টকাত ক্ৰয় কৰিছিল এটা ভিলা। ইয়াৰ লগে লগে তেওঁ ডুবাইৰ আটাইতকৈ দামী ঘৰ ক্ৰয় কৰা ব্যক্তিত পৰিণত হৈছিল। এতিয়া আনটো অট্টালিকা ক্ৰয় কৰাৰ পিছত তেওঁৰ নামতেই থাকিল এই অভিলেখ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আম্বানীয়ে যোৱা সপ্তাহত জুমেৰাহত থকা এই অট্টালিকাটো কুৱেটৰ ব্যৱসায়ী মহম্মদ অলশ্বায়া পৰিয়ালৰ পৰা ক্ৰয় কৰিছিল। ডুবাই লেণ্ড ডিপাৰ্টমেণ্টৰ পৰা এই তথ্য পোহৰলৈ আহিছে। অৱশ্যে ৰিলায়েন্স আৰু অলশ্বায়াৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই।