গুৱাহাটী,২০ অক্টোবৰ: গুৱাহাটীৰ একাংশ নাগৰিকে নিশা গোপনে ভৰলু নদীত ঘৰৰ আৱৰ্জনা পেলায়। এই দৃশ্য বন্দী হৈছে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ গোপন কেমেৰাত। এই কথা সদৰি কৰে অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই। বৃহস্পতিবাৰে গুৱাহাটীত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালাত অংশ লৈ অৰূপ কুমাৰ মিশ্ৰই এই উদ্বেগজনক তথ্য সদৰি কৰে। তেওঁ জনোৱা মতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৱাহাটীৰ জোনালীৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিল। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰাত কেতবোৰ আচৰিত বিষয় পোহৰলৈ আহে। মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাৱে ঘৰুৱা জাৱৰৰ টোপোলা পেলায়। কৰ্মশালাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই এই তথ্য সদৰি কৰি কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন  হ’ব লাগিব। তেওঁ লগতে কয় যে বেৰিয়াম নাইট্ৰেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিকৰে প্ৰস্তুত কৰা প্ৰচলিত ফটকাৰ পৰা সৃষ্টি হোৱা ভয়াবহ প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ নিৰ্দেশৰ ভিত্তিত অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনা জাৰি কৰিছে। অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কাটছ ইন্টাৰনেচনেল জয়পুৰৰ সঞ্চালক জৰ্জ ছেৰিয়ানে কয় যে ২০১৯ চনত সমগ্ৰ বিশ্বত ৫৩.৬ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হৈছিল। এছিয়া মহাদেশত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৪.৯ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। আমেৰিকা আৰু চীন দেশৰ পিছত ভাৰতত ৩.২ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হ’ব। অনুষ্ঠানটোৰ আঁত ধৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যকে সামগ্ৰী ভাগ বিতৰণৰ অভ্যাস গঢ়ি তুলি প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়। ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাখনত অসম চৰকাৰৰ কৃষি বিভাগৰ উপ সঞ্চালক খগেন্দ্ৰ শর্মা, অসম ৰাজ্যিক জৈৱ বৈচিত্রতা বোৰ্ডৰ বৈজ্ঞানিক বিষয়া ডঃ ওইনাম সুনন্দা দেৱী, এছটেকৰ প্ৰগ্ৰেম বিষয়া ডঃ মনিশা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়। অনুষ্ঠানত  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰী, কৃষি, পৌৰ আৰু বন বিভাগৰ বিষয়া উপস্থিত আছিল। উল্লেখ্য যে কাটছ ইন্টাৰনেচনেলৰ সহযোগত অসমত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ ১৪ টা সামাজিক সংগঠনে গ্ৰীণ একচন উইক -২০২২ৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।