গুৱাহাটী,২ নবেম্বৰঃ গুৱাহাটী মহানগৰীত প্ৰতিবাদ বহিল অধিবক্তা। আদালত স্থানান্তৰৰ প্ৰতিবাদত আজি গুৱাহাটী উকিল সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত উকিল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। এই সিদ্ধান্তই ন্যায় ব্যৱস্থাত জঠৰতা আহিব বুলি অভিযোগ কৰে উকিল সন্থাই। অধিবক্তাসকলে আদালত আৰু উকিলৰ মৰ্যাদা ৰক্ষা কৰাৰ আহ্বান জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।










