গুৱাহাটী,৪ নবেম্বৰঃ জনতা ভৱনত আজি আহমেদাবাদৰ আদানী এয়াৰ প’ৰ্টছ হোল্ডিং লিমিটেডৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বৈঠকত নতুন সংহত টাৰ্মিনেল বিল্ডিং নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত সহায়ক আন্তঃগাঁথনি, পথ আদিৰ বিষয়ত আলোচনা কৰি টাৰ্মিনেল ভৱনৰ বাবে কাৰ্য পৰিকল্পনাৰে কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি জনসাধাৰণৰ সুবিধাৰ্থে সোনকালে মুকলি কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়। বৈঠকত বিধায়ক হেমাংগ ঠাকুৰীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ আয়ুক্ত আদিল খান, কামৰূপ (মহানগৰ) আৰু কামৰূপৰ উপায়ুক্তদ্বয় ক্ৰমে পল্লৱ গোপাল ঝা আৰু কীৰ্তি জল্লি, এ এ এইচ এলৰ মুখ্য উন্নয়ন বিষয়া ৰবীন্দ্ৰ ৰেড্ডী, প্ৰকল্প প্ৰভাৰী শান্তনু ঘোষ, মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।