নিউজ ডেক্স,৯ নবেম্বৰঃ পুনৰ বৰভূমিকম্পই জোকাৰি গ’ল নেপাল। জানিব পৰা মতে ভূমিকম্পত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.৩। ভূমিকম্পত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভূমিকম্পৰ পিছত হোৱা ভূমিস্খলনত বহু ঘৰি খহি পৰিছে। নিহত ৬ গৰাকী লোকৰ ভিতৰত আছে এগৰাকী মহিলা আৰু দুটা শিশু। অৱশ্যে মৃতসকলক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। ভূমিকম্পপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেনা মোতায়েন কৰা হৈছে। ইফালে বুধবাৰে পুৱতি নিশা দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ৰাজধানী অঞ্চলত পুৱতি নিশা প্ৰায় ১.৫৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰি জনতা ৰাজপথলৈ ওলাই আহিছিল। দিল্লীৰ উপৰি উত্তৰাখণ্ড, হিমাচল আৰু উত্তৰ প্ৰদেশ আদি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল।