ৰঙিয়া ৯ নৱেম্বৰ :-দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱস্থলীত যোৱা তিনিদিনৰ কাৰ্য্যসূচীত লোকে লোকাৰণ্য হৈ পৰিছে ধৰ্মপ্ৰাণ ৰাইজ ৷ সাত নৱেম্বৰৰ পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আৰম্ভ হোৱা ভিন্নৰঙী ফুলৰ দ্বাৰা নিৰ্মিত তোৰণ তথা ফুলৰ সাজসজ্জা আৰু মৃন্মই মূৰ্তিসমুহ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৰাসস্থলীত । হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিনন্দ ৰাম কলিতাই হৰি মন্দিৰৰ পতাকা উত্তোলনেৰে আৰম্ভণি কৰা ৰাসধ্বজা উত্তোলন কৰে ৰাস মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি সমীন্দ্ৰ নাথ বৈশ্যই ৷ সামুহিক চাফাই , স্মৃতি তৰ্পণ , গছপুলি ৰোপন , মৃন্ময় প্ৰতিমা স্থাপন আদি কাৰ্যসূচী ৰূপায়ণেৰে চলি থকা ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ নৱনিৰ্মীত হৰিমন্দিৰত শ্ৰীকৃষ্ণৰ স্থায়ী যুগল স্থাপন কৰে দাতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে সমাজকৰ্মী ব্ৰজেন ডেকাই ৷ বন্তিপ্ৰজ্বলন , টোপধ্বনি প্ৰজ্জ্বলন , আয়তিসকলৰ নাম প্ৰসংগ সহ বিভিন্ন কৰ্যসূচীৰ জাকজমকতাৰে আয়োজিত ২৪ সংখ্যক ৰাস মহোৎসৱটিত এইবেলি ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হৈছে ১৩ নৱেম্বৰৰ দিনা আয়োজন কৰা দিহা নাম প্ৰতিযোগিতা আৰু জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীৰ গীতে মাতে এসন্ধ্যা অনুষ্ঠান ৷ উল্লেখ্য যে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা ৫ নৱেম্বৰত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ম’হখলিৰ হৰি মন্দিৰ সভাগৃহত হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এক বিশেষ সম্বৰ্দ্ধনা সভা আৰু ৰণ্‌দিয়া ’শতদল’ সাহিত্য সভাৰ অন্তৰঙ্গ অনুষ্ঠানত শহস্ৰাধিক লোকৰ সন্মুখত বিপুল সম্বৰ্দ্ধনা জনোৱা হয় ৷ অহা ১৩ নৱেম্বৰলৈ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা ৰাস মহোৎসৱৰ সকলো কাৰ্য্যসুচীৰ সফল ৰূপায়ণত ৰাইজৰ আন্তৰিকতাৰে সক্ৰিয় সহায় সহযোগ কামনা কৰিছে ৰাস পৰিচালনা সমিতিৰ সভাপতি সমীন্দ্ৰ চন্দ্ৰ নাথ আৰু সম্পাদক মুকেশ লহকৰে ৷