চাপৰ, ১২ নবেম্বৰঃযোৱা নিশা চাপৰ আৰক্ষীয়ে পুনৰ চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী।যোৱা নিশা চাপৰৰ মৌৱাটাৰীৰ পৰা আটক কৰে আন তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে বিকি,জিয়াৰুল আৰু ইৰফান আলী। তিনিওজনৰে ঘৰ চাপৰৰ মৌৱাটাৰীত বুলি জানিব পৰা গৈছে। বিষয়াগৰাকীৰ এই পদক্ষেপক সলাগ লৈছে চাপৰ সচেতন মহল তথা ৰাইজে। আনফালে ড্ৰাগছ বিৰোধী সজাগতা সভাত গঠন কৰি দিয়া সমিতিখনক প্ৰশংসা কৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। লগতে অনাগত দিনত ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি জানিব দিয়ে বিষয়াগৰাকীয়ে









