নিউজ ডেক্স,২১ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে উদযাপন কৰিলে তেওঁৰ ৮০ বছৰীয়া ওপজা দিন। বাইডেন হৈছে আমেৰিকাৰ একমাত্ৰ ৮০ বছৰীয়া ৰাষ্ট্ৰপতি। ৱাশ্বিংটনত পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰে বাইডেনে। তেওঁৰ পত্নী জিল বাইডেনে জন্মদিন উদযাপনৰ ফটো টুইটাৰত পোষ্ট কৰে। জো বাইডেনৰ জন্মদিনত তেওঁৰ প্ৰিয় কেকটো নাৰিকলৰে তৈয়াৰ কৰা হৈছিল বুলি আমেৰিকাৰ ফাষ্টলেডীয়ে প্ৰকাশ কৰে। ১৯৪২ চনত আমেৰিকাৰ পেনচিলভেনিয়াত জন্মগ্ৰহণ কৰিছিল বাইডেনে। ১০ বছৰ বয়সত পৰিয়ালৰ সৈতে ডেলাৱেৰলৈ গুচি যায়। ১৯৭৩ চনত ডেলাৱেৰৰ পৰা ছিনেটলৈ নিৰ্বাচিত হয়। ২০০৯ চনলৈকে তেওঁ চিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (২০০৯-২০১৭)। ২০২১ চনত তেওঁ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে।









