নিউজ ডেক্স,২১ নৱেম্বৰঃ ২১ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগত নিলম্বিত হোৱা আন্দামানৰ শ্ৰম আয়ুক্ত আৰ এল ঋষিক সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়। প’ৰ্ট ব্লেয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আৰ এল ঋষি আৰু প্ৰাক্তন মুখ্য সচিব জিতেন্দ্ৰ নাৰায়ণৰ বিৰুদ্ধে চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ যুৱতীগৰাকীৰ। এই সন্দৰ্ভত যুৱতীগৰাকীয়ে ১ অক্টোবৰত প’ৰ্ট ব্লেয়াৰৰ এবাৰডিন থানাত এজাহাৰ দাখিল কৰিছিল। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত জিতেন্দ্ৰ নাৰায়ণক গ্ৰেপ্তাৰ কৰা হৈছিল। প’ৰ্ট ব্লেয়াৰৰ অধিবেশন আদালতত তেওঁৰ আগতীয়া জামিন নাকচ কৰা হয়। এই গোচৰত এখন হোটেলৰ মালিক ঋষি আৰু ৰিংকুকো সহ-অভিযুক্ত কৰা হৈছিল। দুয়ো পলাতক হৈ আছে। তেওঁৰ জামিন আবেদনো প’ৰ্ট ব্লেয়াৰ আদালতে নাকচ কৰে। আন্দামান আৰু নিকোবৰ আৰক্ষীয়ে দুয়ো অভিযুক্তৰ বিপৰীতে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। যুৱতীগৰাকীৰ অভিযোগ অনুসৰি প’ৰ্ট ব্লেয়াৰত জিতেন্দ্ৰ নাৰায়ণৰ চৰকাৰী বাসগৃহত যৌন নিৰ্যাতন চলোৱা হৈছিল। শ্ৰম আয়ুক্ত আৰু প্ৰাক্তন মুখ্য সচিবগৰাকীৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আৰক্ষী আৰু এছ আই টিয়ে এই গোচৰৰ প্ৰমাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে একাংশ লোকৰ বক্তব্যও লিপিবদ্ধ কৰা হয়।
২৮ নৱেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব :
প্ৰাক্তন মুখ্য সচিব জিতেন্দ্ৰ নাৰায়ণৰ হৈ তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এখন ৰিট আবেদন কলিকতা উচ্চ ন্যায়ালয়ৰ প’ৰ্ট ব্লেয়াৰ চাৰ্কিট বেঞ্চে শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ সুব্ৰত তালুকদাৰ আৰু ন্যায়াধীশ ৰবীন্দ্ৰনাথ সমান্তৰ এখন বিভাগীয় বিচাৰপীঠে দুয়োপক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰে। নাৰায়ণক গ্ৰেপ্তাৰ কৰিছিল এগৰাকী ২১ বছৰীয়া যুৱতীয়ে তেওঁৰ লগতে আনৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰত। ২৮ নৱেম্বৰলৈ তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
