নিউজ ডেক্স,২১ নৱেম্বৰঃ আমেৰিকান মহাকাশ সংস্থা নাছাৰ আৰ্টেমিছ-১ প্ৰকল্পৰ অধীনত উৎক্ষেপণ কৰা অৰিয়ান নামৰ মহাকাশযানখন আজি চন্দ্ৰৰ আটাইতকৈ ওচৰৰ পৰা পাৰ হ’ব। ইয়াৰ সময়ত চন্দ্ৰৰ পৰা ইয়াৰ দূৰত্ব ১৩০ কিলোমিটাৰ হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬.২৭ বজাত এই মহাকাশযানখন চন্দ্ৰৰ আটাইতকৈ ওচৰৰ চাপে। আচলতে নাছাই শেহতীয়াকৈ নিজৰ প্ৰকল্প আৰ্টেমিছ-১ মুকলি কৰিছিল। ইয়াৰ অধীনত নাছাই ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা এতিয়ালৈকে সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ কৰে। এই প্ৰকল্পৰ অধীনত উৎক্ষেপণ কৰা মহাকাশযানখনত কোনো মানুহ নাছিল। নাছাৰ এই পৰীক্ষা সফল হ’লে তেনে এখন বাহনৰ জৰিয়তে মানুহ চন্দ্ৰত অৱতৰণ কৰা হ’ব। তৃতীয় প্ৰচেষ্টাত এই প্ৰকল্পটো সফলতাৰে আৰম্ভ কৰা হয়। আগষ্ট আৰু ছেপ্টেম্বৰ মাহতো চেষ্টা কৰা হৈছিল যদিও কাৰিকৰী সমস্যাৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। নাছাই নিজৰ চন্দ্ৰ অভিযানৰ নাম আৰ্টেমিছ ৰাখিছে। গ্ৰীক পৌৰাণিক কাহিনীত আৰ্টেমিছক এপ’ল’ৰ যমজ ভগ্নী বুলি কোৱা হৈছিল। ডিচেম্বৰ মাহত ৫০ বছৰ সম্পূৰ্ণ হ’ব এপ’ল’ ১৭ অভিযান। এইটোৱেই আছিল শেষবাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিয়া। ১৯৭২ চনত যেতিয়া মহাকাশচাৰী জিন চেৰনানে এপ’ল’ অভিযানৰ সময়ত চন্দ্ৰত ভৰি দিছিল, তেতিয়া এনে লাগিছিল যে পুনৰ চন্দ্ৰলৈ ঘূৰি আহিবলৈ বেছি সময় নালাগিব, কিন্তু ৫০ বছৰ সময় লাগিছিল। বছৰ বছৰ ধৰি বহু প্ৰত্যাহ্বান অতিক্ৰম কৰা হৈছে। বহু প্ৰত্যাহ্বানৰ সমাধান হৈছে আৰু কিছুমানৰ উত্তৰ এতিয়াও পোৱা নাই। এতিয়া এই দিশত দ্ৰুতগতিত আগবাঢ়িছে নাছা। এই কাৰণেই মহাকাশ সংস্থা নাছাই আগন্তুক ১০ বছৰত বহু কঠিন অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।