গুৱাহাটী,২৪ নৱেম্বৰঃ মহানগৰ আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই ৰঞ্জিত বৰাৰ হত্যাকাৰীক। সেয়েহে এইবাৰ মহানগৰ আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি পুৰস্কাৰ ঘোষণা কৰিছে। ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওতাক দিয়া হ’ব ২ লাখ টকাৰ পুৰস্কাৰ। উল্লেখ যে সোমবাৰে পাঞ্জাবাৰীত দিন দুপৰতে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰি টকাৰ বেগ লৈ উধাও হৈছিল দুই দুৰ্বৃত্ত। তাৰ পিছৰে পৰা আৰক্ষীয়ে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে যদিও বৰ্তমানলৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে এইবাৰ হত্যাকাৰীক খবৰ দিওতালৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে। সন্ধান দিওতাৰ নাম গোপনে ৰখাৰ প্ৰতিশ্ৰুতিও দিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিবৰ বাবে এটা WhatsApp নম্বৰ মুকলি কৰি দিছে। এই হোৱাটচ আপ নম্বৰটো হৈছে ৬০২৬৯০১২৪৭।