ৰঙিয়া ২৭ নৱেম্বৰ : দেশৰ প্ৰায়বোৰ ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰৰ অধিনত খালি হৈ থকা পদসমুহ পুৰণ কৰাৰ বাবে আজি ৰঙিয়াত সংযুক্ত ৰোজগাৰ আন্দোলন সমিতিয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । দিনৰ দহ বজাত সংগঠনটোৰ ৰঙিয়া শাখাৰ কৰ্মকৰ্তা সকলে ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড লৈ ৰাষ্ট্ৰীয় নিয়োগ নীতি কাৰ্য্যকাৰী কৰা , কেন্দ্ৰীয় চৰকাৰৰ অধিনত খালি হৈ থকা বিভিন্ন বিভাগৰ ৬০ হেজাৰ পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা আদিকৰি কেইবাটাও দাবী উৎথাপন কৰে । প্ৰায় তিনিঘন্টা সময় এনেদৰে অবস্থান ধৰ্মঘট ৰূপায়ণ কৰি সংযুক্ত ৰোজগাৰ আন্দোলন সমিতিৰ ৰঙিয়া শাখাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।