মাৰ্ঘেৰিটা ২৮ নৱেম্বৰঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডই জোকাৰিছে মাৰ্ঘেৰিটা লেখাপানী।কাৰণ ৰেগিং কাণ্ডৰে নাম জডিত হৈ পৰিছে ছাত্ৰ মুক্তি সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী নাম। ৰাহুল ছেত্ৰী ঘৰ মাৰ্ঘেৰিটা লেখাপানী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰত। লেখাপানী আৰক্ষী থানা ৰ অন্তৰ্গত ৩নং উদয়পুৰ কুঁহিয়াৰ বাৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীক বিচাৰি বাসগৃহত আৰক্ষী অভিযান । ডিব্ৰুগড় আৰক্ষীয়ে লেখাপানী আৰক্ষীৰ সহযোগত আজি পোৱা ৪ বজাত অভিযান চলায় যদিও ৰাহুল ছেত্ৰীক ঘৰত নাপায় তেঁওৰ ভাতৃ ৰুবুল ছেত্ৰীক সোধ-পোচৰ বাবে আটক কৰে । ৰাহুল ছেত্ৰীক আটক কৰিবলৈ বিচৰাৰ কাৰণ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱাৰ পৰা বিৰত থাকে ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত ১৮ জন ছাত্ৰক ইতিমধ্যে বিশ্ববিদ্যালয় কতৃপক্ষই বহিস্কাৰ কৰা লগতে ছাত্ৰ মুক্তি সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীসহ আন ৪ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। লগতে ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয়ত প্ৰৱেশো নিষিদ্ধ কৰা হৈছে।ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰেগিংৰ বাবে ল’লে এই কঠোৰ সিদ্ধান্ত।