গুৱাহাটী,১৬ ডিচেম্বৰঃ গুৱাহাটীৰ বৰ্ষাপাৰত ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। এই মেচ খন উপভোগ কৰিবলৈ বিচৰা সকলৰ বাবে টিকটৰ মূল্য ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। এই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচখনৰ বাবে অসম ক্ৰিকেট সন্থাই টিকটৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছে ৫ হাজাৰ টকা। অৱশ্যে শিক্ষাৰ্থী সকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ্থী সকলে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰি ৪৭৫ টকাতেই এই খেল উপভোগ কৰাৰ বাবে টিকট ক্ৰয় কৰিব পাৰিব।
ইফালে ক্ৰিকেট খেলখন সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত সন্থাৰ এপেক্স কাউন্সিলৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হয় সন্থাৰ সভাপতি তৰংগ গগৈ। বৈঠকত অসম ক্ৰিকেট সন্থাৰ আগন্তুক দিনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰাৰ লগতে ১০ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিপাক্ষিক শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এখন শক্তিশালী উপ-সমিতি গঠনৰ বিষয়ে আলোচনা কৰা হয়।