গুৱাহাটী,২৪ ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা ৰাজ্যখনত অভাৱনীয় হাৰত অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ বিষয়টো উন্মোচিত হয়। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে। আনকি ইয়াকলৈ বিধানসভাৰ মজিয়াত শাসক-বিৰোধীৰ মাজত বাদানুবাদৰ সৃষ্টি হয় আৰু এঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়। এই সন্দৰ্ভত ধিঙৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে চৰকাৰী তথ্য মতে ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ ২৩ মাহত অসমত ২১৮০ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সেইদৰে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৩১৮১ টা, নাৰীজনিত অপৰাধৰ ১৯১৯১ টা, চুৰিৰ ২৬৯০৫ টা, ডকাইতিৰ ৩৬৯ টা, প্ৰৱঞ্চনাৰ ১২৩৬১ টা, আক্ৰমণৰ ঘটনা ১৬৭৭৪ টা, মাটিবাৰী সম্পৰ্কীয় ২১৯ টা, ড্ৰাগছ সংক্ৰন্তীয় ৪৬০৭ টা, মানৱ সৰবৰাহ ২৫২ টা আৰু বেংক ডকাইতি দুটা। বিগত ২৩ মাহত ৰাজ্যত অপৰাধৰ ৮৫৯৯৪ টা গোচৰ ৰুজু হৈছে। তেওঁ কয় যে পূৰ্বৰ ১০-১৫ বছৰৰ তুলনাত বিগত ২৩ মাহত অপৰাধৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ৰাজ্যখনৰ বাবে ই এক অশনি সংকেট। অপৰাধৰ হাৰ এনেদৰে বৃদ্ধি পোৱাটো অশুভ লক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে এই ক্ষেত্রত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা উচিত। আনহাতে এনকাউণ্টাৰ সন্দৰ্ভত তেওঁ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত চৰকাৰীভাৱে কোৱা হৈছে যে ২০২১চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহলৈ ২৬ টা ঘটনা সংঘটিত হৈছে আৰু ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জন আহত হৈছে। চৰকাৰীভাৱে এই ঘটনাসমূহক অপৰাধীৰ লগত সংঘৰ্ষ বুলি কোৱা হৈছে। এনকাউণ্টাৰ হোৱা নাই বুলি কৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে সংঘৰ্ষ বুলি ক’লেও প্ৰকৃততে এইবোৰ এনকাউণ্টাৰে হয়। বটদ্ৰৱা কাণ্ডৰ পাছত এই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষী জিম্মাত নিহত হোৱা আছিকুল ইছলামৰ বিষয়টো সদনত বিশেষভাৱে উল্লেখ কৰাৰ কথা সদৰি কৰি তেওঁ কয় যে চৰকাৰে ইয়াৰ কোনো সুদুত্তৰ নিদিলে। বহু প্ৰশ্নই থাকি গ’ল। তেওঁ কয় যে এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰাটো বন্ধ হ’ব লাগে।










