গুৱাহাটী,১০ জানুৱাৰীঃ গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মালৈ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাৰ এককালীন অনুদান আগবঢ়োৱা হৈছে। আজি চিকিৎসালয়লৈ গৈ অসুস্থ দীপক শৰ্মাক সাক্ষাৎ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্রী হাজৰিকাই তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এককালীন অনুদান আগবঢ়ায়। উল্লেখ যে যকৃত আৰু জণ্ডিচকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি গুৱাহাটীৰ দিছপুৰ হস্পিতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা। ৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে তেওঁ চৰকাৰৰ সাহায্য বিচাৰি আবেদনো জনাইছিল। বৰ্ত্তমান গুৱাহাটীত চিকিৎসাধীন হৈ থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়া হ’ব। উল্লেখ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিশিষ্ট বাঁহী বাদকগৰাকীক সাক্ষাৎ কৰি আৰ্থিক সাহায্য প্ৰদান কৰে।










