লখিমপুৰ ১০ জানুৱাৰী :বেদখলকাৰীৰ কৱলত পৰা এসময়ৰ বনৰীয়া ম’হ, নল গাহৰি তথা জৈৱ বৈচিত্ৰৰে ভৰপূৰ নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চল বেদশলমুক্ত কৰিবৰ বাবে আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।এই উচ্ছেদত মুঠ ৮০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে।উল্লেখযোগ্য যে ৪৬২৮.৮৭ হেক্টৰ মাটিকালীৰ বনাঞ্চলখনৰ ৪৫০ হেক্টৰ মাটি বেদশলকাৰীৰ কৱলত আছিল। ১৯৪১চনত স্বীকৃতি পোৱা এই বনাঞ্চলত দীৰ্ঘদিন ধৰি সন্দেহজনক লোকে গছ গছনি কাটি তহিলং কৰি ঘৰ সাজি বসবাস কৰি আহিছে।সৰ্বমুঠ ৫০৭টা সন্দেহজনক পৰিয়ালে দখল কৰি সাজিছিল ঘৰ। এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলিছে । উল্লেখ যে এসময়ৰ লখিমপুৰ জিলাৰ গৌৰৱ পাভ সংৰক্ষিত বনাঞ্চলৰ চৰকাৰী ভুমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাৰ বাবে বিভিন্ন মহলে দাবী জনাই অহাৰ পাচত চৰকাৰ প্ৰশাসনৰ সহযোগিতাত আজিৰ পৰা লখিমপুৰ জিলা প্ৰশাসনে যুদ্ধংদেহী তৎপৰতাৰে উচ্ছেদ অভিযানত নামি পৰিছে৷ বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ চাৰিবেৰৰ ভিতৰৰ চৰকাৰী ভুমিত বসবাস কৰি থকা বেদখলকাৰীৰ বাসগৃহত চলাইছে এস্কেভেটৰৰ হাতোৰা৷ ৷ প্ৰশাসনে উচ্ছেদ অভিযান ৪০ খনকৈ এস্কেভেটৰ আৰু ২২খনকৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে৷ বনাঞ্চলখনৰ ৪৫০ হেক্টৰ বেদখলকৃত ভুমিৰ ভিতৰত আজি ২৫০ হেক্টৰ ভূমি প্ৰশাসনে বেদখল মুক্ত কৰে ।৷ প্ৰশাসনে বেদখলকাৰীৰে খন্দোৱা বৃহৎ বৃহৎ পুখুৰী এস্কেভেটৰ আৰু ট্ৰেক্টৰে খান্দি একাকাৰ কৰি তুলিছে৷ বনাঞ্চলখনৰ চৰকাৰী ভুমিত বেদখলকাৰী সকলে কৰি ৰখা শ শবিঘা সৰিয়হ খেতিৰ ওপৰেদি চলিছে প্ৰশাসনৰ এস্কেভেটৰ৷ বনাঞ্চল খনৰ চৰকাৰী ভুমিত উচ্ছেদৰ সময়ছোৱাত প্ৰশাসনে উচ্ছেদথলীত সাধাৰণ জনতাৰ লগতে সাংবাদিকৰো প্ৰবেশো নিষিদ্ধ কৰে৷ প্ৰায় আঠ শতাধিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে বনাঞ্চলখনৰ চৰকাৰী ভুমি উচ্ছেদ অভিযানত । বনাঞ্চলখনিৰ কাষৰীয়া লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বনাঞ্চল খনৰ চৰকাৰী ভুমিত বসবাস কৰা বেদখলকাৰী সকল ইতিমধ্যে বনাঞ্চল খনৰ পৰা আতৰি গৈছে৷ জিলা বন প্ৰধিকাৰী বিষয়া অশোক কুমাৰ দেব চৌধুৰীয়ে জানিবলৈ দিয়া মতে সম্পুৰ্ন শান্তিপুৰ্ন ভাবেই আজিৰ অভিযানৰ সামৰনি পৰে । কাইলৈ পুনৰ অভিযান চলিব । বনাঞ্চল বেদখল মুক্ত হোৱাৰ পাচত সংৰক্ষিত বনাঞ্চলখনৰ ১০০ হেক্টৰ ভূমিত প্লেনটেচন কৰাৰ লগতে বনাঞ্চলত পূৰ্বৰ দৰে মহৰ বসতিপ্ৰধান এলেকা হিচাপে গঢ়ি তুলিব পাৰে সেই পৰিকল্পনা কৰা হব বুলি উল্লেখ কৰে । আজি মহঘুলি অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে দুই শতাধিক ঘৰ উচ্ছেদ কৰে । দ্বিতীয় পৰ্যায়ত কাইলৈ আধাখনা অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ২৯৯টা ঘৰ উচ্ছেদ কৰিব প্ৰশাসনে।