লখিমপুৰ , , ১১ জানুৱাৰী : ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক অৱশেষত বেদখলমুক্ত কৰিবলৈ সক্ষম হ’ল লখিমপুৰ জিলা প্রশাসন আৰু বন বিভাগ। আজি সংৰক্ষিত বনাঞ্চলখনৰ আধার্থনা অঞ্চলৰ ২৫০ হেক্টৰৰো অধিক বনভূমিত প্রশাসনে চলালে উচ্ছেদ অভিযান। কালি প্রশাসনে নাওবৈচাৰ মহমুলি অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত আজি উল্লেখিত ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয়। আজি বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ন কৰি বনাঞ্চলখনত নিৰ্মাণ কৰা বাসগৃহত এস্কেভেটৰ, বুলড্ৰেজাৰ চলোৱাৰ সমান্তৰালকৈ শ শ হেক্টৰ হালধীয়া সৰিয়হৰ তলি জে.চি. বি. এম্বেডেটৰ আৰু ট্রেক্টৰে খান্দি নিঃশেষ কৰি পেলায় । একেদৰে প্ৰশাসনৰ বুলড্ৰেজাৰে এফালৰ পৰা মহতিয়াই ধ্বংস কৰিলে কৃষিজাত অন্যান্য শস্যও, পুতি পেলোৱা হ’ল সংৰক্ষিত বনাঞ্চলৰ ভূমিত নির্মাণ কৰা পুখুৰী। উল্লেখযোগ্য যে ৪৬২৫ হেক্টৰ তুমি ৫০১ হেক্টৰ তুমিহে বনবিভাগ তথা প্রশাসনে উচ্ছেদ কৰিবলৈ নিৰ্ধাৰণ কৰিছিল যদিও প্রশাসনে তাতকৈ অতিৰিক্ত ভূমি বেদখলমুক্ত কৰে। উল্লেখ যে বনাঞ্চলখনত অবৈধভাবে বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন ২০০৬ অধীনত আবেদন জনাইছিল যদিও তেওঁলোকৰ আবেদন অগ্রাহ্য কৰে। ইয়াৰ পিছৰ পৰ্যায়ত চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জাননী জাৰি কৰে। সেই অনুসৰি দুটা পৰ্যায়ত চলিছিল এই উচ্ছেদ অভিযান। উচ্ছেদ অভিযান কালত বনভূমিত অবৈধভাবে নির্মাণ কৰা ৫ শতাধিক ঘৰ ধ্বংস কৰে। জিলা প্রশাসনে এই উচ্ছেদ কালত যাতে কোনো উত্তেজক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিগত সময়ত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সহযোগিতাত বন বিভাগে সমৰসজ্জাৰে অনুশীলন অব্যাহত ৰখাৰ পৰিণতিত সংৰক্ষিত বনাঞ্চলখনৰ বেদখলকৃত ভূমিৰ পৰা বেদখলকাৰীসকল আগতেই আঁতৰি গৈছিল। যাৰ বাবে প্রশাসনে বিনা যুদ্ধে উক্ত ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হল। অর্ধশতাধিক ট্রেক্টৰ, বুলড্রেজাৰ এস্কেভেটৰে শ শ হেক্টৰ হালধীয়া সৰিয়হৰ খেতিত চলোৱা উচ্ছেদ অভিযান দুৰৰ পৰাই চাই বেদখলকৃত খেতিয়ক সকল মৰ্মাহত হৈ পৰে। উল্লেখ যে আজি লখিমপুৰ জিলা বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া অশোক দেব চৌধুৰীয়ে জানিবলৈ দিয়া মতে প্রশাসনে সম্পূর্ণ শান্তিপূর্ণ ভাবেই এই উচ্ছেদ অভিযান সফল কৰি তুলিলে। নির্ধাৰিত ৪০৫ হেক্টৰ বনভূমিৰ উপৰিও অতিৰিক্ত বেদখলকৃত ভূমি প্রশাসনে মুক্ত কৰিলে বুলি জানিবলৈ দিয়ে। ইফালে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক লৈ বিভিন্ন পক্ষই প্রশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত আমছুৰ দৰে সংগঠনে কেৱল ধর্মীয় সংখ্যালঘু লোকসকলে বেদখল কৰা ভূমিহে বেদখল মুক্ত কৰিবলৈ লোৱাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ লোকে বোদল কৰা ভূমিত উচ্ছেদ অভিযান চলোৱা নাই আৰু এই উচ্ছেদ অভিযানক এক পক্ষীয় আৰু অমানৱীয় আখ্যা দিছে আমছুৱে। আনহাতে আজি এই উচ্ছেদ অভিযানৰ সময়ছোৱাতে নাওবৈচা বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে উচ্ছেদিত লোকসকলৰ খবৰ ল’বলৈ শিবিৰত উপস্থিত হোৱাৰ পিছতেই উচ্ছেদিত লোকৰ ক্ষোভৰ সন্মুখিন হয় যাৰ ফলত পাভ সংৰক্ষিত বনাঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিত লোকে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিবদ্ধে সোচ্ছাৰ হৈ পৰে। উচ্ছেদিত লোকসকলে বিপদৰ সময়তো স্থানীয় বিধায়ক গৰাকীয়ে উচ্ছেদিতৰ খবৰ নোলোৱাৰ অভিযোগ তুলি ভৰত নৰহ গ’ বেক, মুর্দাবাদ আদি ধ্বনিৰে বেদখলকাৰীয়ে স্থাপন কৰা অস্থায়ী শিবিৰ উত্তপ্ত কৰি তোলে। উচ্ছেদিতসকলৰ অভিযোগ বিধায়ক হিচাপে ভৰত নৰহ জয়যুক্ত হোৱাৰ পিছত নিৰ্বাচনৰ পিছত ৰাইজক সম্পূর্ণ আভুৱা ভাৰিলে। দীর্ঘ সময় ধৰি সমষ্টিৰ বাহিৰত থাকি আজি ৰাইজৰ সন্মুখলৈ অহাৰ পিছতেই উচ্ছেদিত ৰাইছে ভৰত নৰহলৈ বাৰে বাৰে চোচা লৈ অপদস্ত কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। পাছত একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে বিধায়ক ভৰত নৰহ। ৰাইজৰ অভিযোগ নির্বাচনৰ সময়ত তেওঁৰ মিঠা মিঠা কথা আৰু নিৰ্বাচনৰ পিছত তেওঁৰ পলায়নবাদী ভূমিকা লয় আৰু এনে নেতাৰ আমাৰ প্ৰয়োজন নাই বুলি ধিক্কাৰ দিয়ে ।
Home অসম আৰু উত্তৰপূব পাভ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান : প্রশাসনে বেদখলমুক্ত কৰিলে ৫০১ হেক্টৰ...










