শিৱসাগৰ ,২১ জানুৱাৰীঃচৰাইদেউ মৈদাম প্ৰত্নতাত্বিক স্থানত ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা বাবে অসমৰ ৰাইজ তথা ৰাজ্য চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইউনেস্কোৰ সাধাৰণ সভাই সমগ্র বিশ্বৰ কেইটামান বিশেষ সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰাজিক বিশ্ব ঐতিহ্য হিচাপে তালিকাভুক্ত কৰি ৰক্ষণাবেক্ষণ দিবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰে। বিশ্ব ঐতিহ্যৰ তালিকাত ভাৰতবৰ্ষৰ প্ৰায় ৩৮ টা সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যই এতিয়ালৈকে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামো অন্তৰ্ভুক্ত হৈছে । আহোম ৰাজত্বৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্তী সময়ত সমাধিস্থল হিচাপে পৰিণত হোৱা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে মনোনীত হোৱাত জিলাখনত আনন্দ উলাহৰ ঢল বৈছে। চৰাইদেউৰ মৈদামক ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা বাবে অসমৰ ৰাইজ তথা ৰাজ্য চৰকাৰৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে চৰাইদেউৰ মৈদাম বাচনি কৰি অসমবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা এয়া সঁচাকৈয়ে এক বিৰল সন্মান। সমগ্ৰ দেশৰ ৫২ টা স্থানৰ ভিতৰত চৰাইদেউ মৈদামৰ এই মনোনয়নে ২০১৪ চনৰ পৰা চলাই অহা আমাৰ প্ৰচেষ্টাৰ সফলতাক প্ৰতীয়মান কৰিছে। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চৰাইদেউ মৈদামৰ দাবীক ৰাষ্ট্ৰীয় প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীকো ধন্যবাদ জনাইছে। চৰাইদেউ মৈদামে ইউনেস্ক’ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব। ইপিনে মন্ত্ৰী যোগেন মহনে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে, এইবছৰ ভাৰতৰ পৰা চৰাইদেউত অৱস্থিত আহোম ৰাজত্ব কালৰ মৈদামসমূহলৈ UNESCO-এ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে মনোনয়ন প্ৰেৰণ কৰা হ’ব। সেই অনুসৰি পেৰিছলৈ ভাৰত চৰকাৰৰ দ্বাৰা এই প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব আৰু ছেপ্টেম্বৰ মাহত UNESCO-ৰ এটা প্ৰতিনিধি দল চৰাইদেউলৈ আহিব। এই স্বীকৃতিয়ে প্ৰায় ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ পৰম্পৰাকে কেৱল বিশ্বৰ আগত তুলি ধৰাই নহয় বৰঞ্চ ই আহোম জনগোষ্ঠীকো সুকীয়া পৰিচয় প্ৰদান কৰিব। এই খবৰ লাভ কৰিয়ে চৰাইদেউৰ মৈদামত উপস্থিত হৈ উপৰিপুৰুষলৈ চাকি বন্তি প্ৰজ্বলন কৰি সেৱা জনায় মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত বিশেষ উদগণি লোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী যোগেন মহনে।










