কলাইগাও, ১৭ ফেব্ৰুৱাৰী :-ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই দৰং জিলাৰ কলাইগাওৰ পৰা বৃহৎ পৰিমানৰ টিনপাত উদ্ধাৰ কৰাৰ লগতে ৰঙিয়াৰ পৰা এজন যুৱকক আটক কৰে । ঘটনাৰ বিষয়ে জানিব পৰামতে ৰঙিয়া মৰাণজানাত থকা এটা টিনপাত উদ্যোগত গাড়ীৰ ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল নলবাৰীৰ মহিদুল ইছলাম নামৰ এজন যুৱক । উদ্যোগটোৰ পৰা দৰং জিলাৰ কলাইগাওৰ এখন দোকানত দীৰ্ঘদিনৰ পৰা টিনপাত বিক্ৰীৰ বাবে যোগান ধৰি আহিছিল । মহিদুল নামৰ যুৱকজনে গাড়ীৰে এনেদৰে নিৰ্ধাৰিত উদ্যোগটোৰ পৰা হিচাপ অনুপাতে টিনপাত যোগান ধৰি আহিছিল । তেনে সময়তে চতুৰ মহিদুলে নিৰ্ধাৰিত অনুপাততকৈ চুৰিকৰি দৈনিক গোপনে অধিক টিনপাত নি উক্ত দোকানখনত বিক্ৰী কৰি আহিছিল । উদ্যোগটোত প্ৰায়ে যেতিয়া হিচাপতকৈ টিনপাত কমিবলৈ ধৰে তেতিয়া গোপনে অনুসন্ধান চলাই উদ্যোগটোৰ কৰ্তৃপক্ষই । পিচত মহিদুল ইছলাম নামৰ যুৱকজনৰ ওপৰত সন্ধেহ হোৱাত ৰঙিয়া আৰক্ষীক অৱগত কৰে । ৰঙিয়া আৰক্ষীয়ে যুৱকজনক আটক কৰি জেৰা কৰাত চুৰি হোৱা টিনপাত সমুহ দৰংৰ কলাইগাওৰ নিদিষ্ট দোকান খনত বিক্ৰী কৰাবুলি স্বীকাৰ কৰে । ৰঙিয়া আৰক্ষীয়ে আজি কলাইগাও উক্ত দোকান খনত অভিযান চলাই লক্ষাধিক টকা মূল্যৰ টিনপাত উদ্ধাৰ কৰে ।










