নিউজ ডেক্স,৭ মাৰ্চঃ চীনৰ আটাইতকৈ সম্পদশালী মহিলা ইয়াং হুইয়ান। ১৯৮১ চনত দক্ষিণ চীনৰ কেণ্টন প্ৰদেশৰ শ্বুণ্ডে অঞ্চলত তেওঁৰ জন্ম। তেওঁৰ পিতৃ চীনৰ অন্যতম ধনী ব্যক্তি ইয়াং গুওকিয়াং। যেতিয়া ইয়াং হুয়ানৰ পিতৃ গুওকিয়াঙে স্থানীয় নিৰ্মাণ কোম্পানী এটাৰ জেনেৰেল মেনেজাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ। সেই সময়ত চীনৰ অৰ্থনীতিৰ বিকাশ ঘটিছিল। অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে নগৰায়নৰ সম্প্ৰসাৰণ ঘটিছে। ১৯৯২ চনত গুৱাংঝৌত কান্ট্ৰী গাৰ্ডেন হোল্ডিং কোম্পানী প্ৰতিষ্ঠা কৰে ইয়াং গুওকিয়াঙে। কোম্পানীটোৱে চীনৰ চহৰসমূহত গৃহ নিৰ্মাণ প্ৰকল্প আৰু হোটেল বাণিজ্যৰ ক্ষেত্ৰত সম্প্ৰসাৰণ ঘটায়। ইয়াং হুয়ায়ান কোম্পানীটোৰ সৈতে ডাঙৰ হৈছিল। তেওঁ যৌৱনৰ পৰাই কোম্পানীটোৰ জৰুৰীকালীন সভাত অংশ লৈছিল। তেওঁ অধ্যয়নৰ বাবে আমেৰিকালৈ যায়। ২০০৩ চনত দ্য অহাইঅ’ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কলা আৰু বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। কিন্তু আমেৰিকাত বসতি স্থাপন কৰাৰ কোনো পৰিকল্পনা তেওঁৰ নাছিল। ২০০৫ চনত তেওঁ পিতৃৰ পৰা কান্ট্ৰী গাৰ্ডেন হোল্ডিংছৰ শ্বেয়াৰ লাভ কৰিছিল। পিছত দেউতাকৰ ব্যক্তিগত সহায়ক হিচাপে যোগদান কৰে। ২০০৭ চনৰ এপ্ৰিল মাহত হুয়ানে সম্পত্তিৰ পৰিমাণ ১৬৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৫ বছৰ। কিন্তু এতিয়া চীনৰ আটাইতকৈ ধনী মহিলা হিচাপে নিজৰ নাম লিখিছে তেওঁ।