গুৱাহাটী,১২ মাৰ্চঃ লক্ষ্য পঞ্চায়ত আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন। অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা ৰণকৌশলৰে ব্যস্ত হৈ পৰিছে। বাকী দলসমূহৰ দৰে আম আদমী পাৰ্টী চমুকৈ আপেও ৰাজ্যৰ বিভিন্ন স্থানত সভা-সমিতি অনুষ্ঠিত কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় ৰাজনীতিত লাহে লাহে খোপনি পুতিবলৈ আৰম্ভ কৰা আপৰ এতিয়া লক্ষ্য হৈছে আগন্তুক লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব। দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া আপৰ মুৰব্বী গৰাকীয়ে গুৱাহাটীত এক বিশাল জন সমাৱেশত অংশ ল’ব। দলীয় সূত্ৰই জনোৱা মতে সেই সভাৰ জৰিয়তে অৰবিন্দ কেজৰিৱালে দলৰ কৰ্মকৰ্তাসকলক উৎসাহ তথা ৰাজ্যৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিব। লক্ষণীয় বিষয় যে অৰবিন্দ কেজৰিৱালৰ এই অসম ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। কাৰণ বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত হোৱা টুইটাৰ যুদ্ধই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তদুপৰি হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰায়েই আক্ৰমণ কৰি অহা পৰিলক্ষিত হয়। তেনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ বিশেষভাৱে লক্ষণীয় হ’ব। উল্লেখ যে ১০ ফেব্ৰুৱাৰীত আপৰ অসমৰ এটা ৩৫ জনীয়া দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক (সংগঠন) ড° সন্দীপ পাঠকক সাক্ষাৎ কৰি অসমত দলটোৰ সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰিছিল। আপৰ অসমৰ সমন্বয়ক ভবেন চৌধুৰী আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ নেতৃত্বত দলটোৱে অসমৰ সাংগঠনিক দিশটোত আলোকপাত কৰিছিল। অসমত দলটোৰ স্থিতি আৰু কাম-কাজকলৈ সন্তুষ্টি প্ৰকাশ কৰা অৰবিন্দ কেজৰিৱাল সেই বৈঠকতেই অসমলৈ অহাৰ ইচ্ছা প্রকাশ কৰিছিল। ইয়াৰ বাবে এটা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ দল অসমলৈ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই মৰ্মেই ৪ এপ্ৰিলত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৪ৰ লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অসমলৈ আহিব।










