গুৱাহাটী,৩ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোমবাৰে বিয়লি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত হাস্পতালখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে জি এম চি এইচৰ পুৰণি ভৱনৰ প্ৰথম মহলাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত যথেষ্ট ক্ষতিসাধন হয়। সকলো ফালৰ পৰা কেৱল ক’লা ধোৱাই আৱৰি ধৰে।










