এন এইচ পি চিত ভূমিস্খলনঃ লখিমপুৰ ধেমাজিত উত্তাল প্ৰতিবাদ ; যুৱ-ছাত্ৰ পৰিষদে জ্বলালে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকাঃ অসমীয়া যুৱ মঞ্চইও লখিমপুৰৰ মাজ মজিয়াত দাহ কৰিলে এন এইছ পি চিৰ প্ৰতিকৃতি ; তীব্ৰ সকীয়নী # অসমীয়া যূব মঞ্চৰ আত্মজাহৰ হুংকাৰ লখিমপুৰ, ৫এপ্ৰিল ; প্ৰকৃতিৰ লগত যুদ্ধ কৰা আৰু প্ৰকৃতিৰ লগত খেলা কৰা অতি ভয়ংকৰ ৷ খেয়াল প্ৰকৃতিয়ে নিজৰ মতেই পৰিচালিত হয় এই কথা প্ৰকৃতিয়ে যুগ যুগ ধৰি প্ৰমাণ কৰি আহিছে ৷ এই খেয়াল প্ৰকৃতিক বাধা দিবলৈ গৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চি বাৰে বাৰে উজুতি খাবলগা হৈছে ৷ বিজ্ঞানৰ সত্য আৰু অসমৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক একাষৰীয়া কৰি এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই এতিয়া সমগ্ৰ উত্তৰ অসমবাসীক তীব্ৰ আতংকৰ মাজলৈ ঠেলি দিছে ৷ বহু দল-সংগঠনে এন এইচ পি চিৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ উঠাৰ সমান্তৰালভাৱে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে গোগামুখত নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ পুত্তলিকা জ্বলাই দিয়ে ৷ প্ৰতিবাদী যুৱ–ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মী সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা মুৰ্দাবাদ, এন এইচ পি চি নিপাত যাওক, বৃহৎ নদীবান্ধ বন্ধ কৰক, মৰণফান্দ নদীবান্ধৰ বিজুলী আমাক নালাগে আদি ধ্বনিৰে গোগামুখৰ আকাশ-বতাহ কঁপাই তোলে ৷ উল্লেখনীয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক কোনো গুৰুত্ব দিয়া নাছিল ৷ ৰাজনৈতিক চল-চাতুৰী কটাই কেৱল নিজৰ মুনাফা আদায়ত সিদ্ধহস্ত থকা এন এইচ পি চিৰ এনে হঠকাৰী কাৰ্য তথা বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সমগ্ৰ উত্তৰ অসম মৰিশালিত পৰিণত কৰিব বুলি প্ৰতিবাদী যুৱ-ছাত্ৰৰ কৰ্মী-সদস্য সকলে মন্তব্য দিয়ে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও নামনি বাসী ৰাইজৰ জীৱন,সা- সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰাকৈ এন এইচ পি চিক গেৰুকামুখৰ দৰে বালিয়া পাহাৰ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দি নৈপৰীয়া জনসাধাৰণক আওমৰণে মৰিবলৈ এৰি দিয়া বুলি তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰাইজৰ জীৱন আৰু সা-সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁলোকে সাংবাদিকক অৱগত কৰে ৷ তাৎপৰ্যপূৰ্ণ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে আজি গোগামুখৰ মাজমজিয়াত নদী বান্ধৰ বিৰোধী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্থলীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, ধেমাজি জিলা সমিতিৰ সম্পাদক হিতেশ বাইলুং, লখিমপুৰ জিলা সমিতিৰ সম্পাদক দিগন্ত ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শৰৎ চুতীয়া, গোগামুখ আঞ্চলিক সমিতিৰ সম্পাদক পাপুল দাসকে আদি কৰি শতাধিক যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইফালে আজি লখিমপুৰ চহৰৰ মাজ মজিয়াত অসমীয়া যুৱ মঞ্চই এন এইছ পি চি আৰু চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । সংগঠনটোৰ কৰ্মী সকলে এন এইছ পি চিৰ পুত্তলিকা দাহ কৰি সকীয়াই দিয়ে প্ৰকল্পৰ কৰ্তৃপক্ষক । প্ৰয়োজন সাপেক্ষে প্ৰকল্প স্থলীৰ সম্মুখত আত্মজাহৰ কাৰ্য্যসূচী লোৱা হব বুলি হুংকাৰ দিয়ে প্ৰতিবাদ স্থলীৰ পৰা সংগঠনটোৱে ।উল্লেখযোগ্য যে দুটা দিন পূৰ্বে ভয়াবহ ভুমিস্খলন সংঘটিত হৈছে প্ৰকল্প স্থলীত । ডাইভাৰচন টানেলৰ সন্মুখত খহি পৰিছিল পাহাৰৰ বিশাল অংশ । আৰু এইদৰেই ধাৰাবাহিক ভাবে প্ৰকৃতিৰ ব্যাপক সংহাৰ অব্যাহত আছে প্ৰকল্পটোত ।যাৰ পৰিপ্ৰেক্ষিতত ভয় আৰু শংকাই বিৰাজ কৰিছে লখিমপৰ মাজুলী ধেমাজিবাসীৰ মাজত ।










