গুৱাহাটী,১২ এপ্ৰিলঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত আজি ৰাজ্যৰ মুঠ ২,১১৪খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। এই বিত্তীয় সাহায্য বিতৰণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে কয় যে বিগত বছৰৰ পৰা বিহু সমিতিসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা এই আঁচনিখন ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ সংস্কৃতি, বিশ্বাসৰ সুৰক্ষা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পৰ এক প্ৰকাশ বুলি মই বিশ্বাস কৰোঁ। মুখ্যমন্ত্রীয়ে লগতে কয় যে আমি আশাবাদী যে আমাৰ চৰকাৰৰ এই পদক্ষেপে নিৰ্বাচিত বিহু সমিতিসমূহক অসমৰ বৰ্ণিল সাংস্কৃতিক ক্ষেত্ৰত বিহুৰ গুৰুত্বৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ নিজ নিজ বিহু অনুষ্ঠানসমূহ সন্মানজনকভাৱে আয়োজন কৰাত সহায় কৰিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, সাংসদ কুইন ওজা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক ড° পৰমানন্দ ৰাজবংশী উপস্থিত আছিল।










