শিৱসাগৰ,২১ এপ্ৰিলঃ আমগুৰি সমষ্টিৰ যুৱ নেত্রী অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। তাৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ পৰা ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিষয়টো মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো অংকিতা দত্ত আৰক্ষীৰ কাষ চাপিছিল। যাৰ পৰিপ্ৰেক্ষিত দলীয় ফালৰ পৰা অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়। কাৰণ দৰ্শোৱা জাননী জাৰি কৰাৰ পাছত বিভিন্ন বিষয় চৰ্চালৈ আহিছে। একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে সভাপতি ভূপেন বৰাই নিলম্বনৰ বিষয়টো অস্বীকাৰ কৰে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্যক্ত কৰা অনুসৰি অংকিতা দত্তক নিলম্বন কৰা বাতৰি সত্য নহয়। ভূপেন বৰাই জনোৱা মতে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ইতিমধ্যে অংকিতা দত্তই দিছে আৰু সেয়া এ আই চি চিলৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰা নাই আৰু বৰ্তমানলৈকে দলীয় ভাৱে জ্ঞাত নহয়। আনহাতে কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই কৰা মন্তব্যৰ বাবে তেওঁ জবাবদিহি হ’ব লাগিব। আমগুৰি সমষ্টিৰ যুৱ নেত্রীগৰাকীৰ অভিযোগ উত্থাপন আৰু নিলম্বন সম্পর্কত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে আমগুৰি সমষ্টিত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ দলীয় উপস্থিতিত এখনি ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভানেত্ৰী তথা প্ৰাক্তন বিধায়ক প্ৰণতি ফুকনৰ সহিতে এটি সজাতি দল আমগুৰি সমষ্টিত দলীয় কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয়। উক্ত বৈঠকত এ পি চি চিৰ উপ সভানেত্ৰী তথা প্ৰাক্তন বিধায়ক প্ৰণতি ফুকন, সাধাৰণ সম্পাদক ড° হেম হৰি পেগু, ৰাজ্যিক সম্পাদক প্ৰাণজিত চৌধুৰী আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈয়ে অংশ গ্ৰহণ কৰে। বৈঠকৰ শেষত সংবাদ মাধ্যমত আগত প্ৰণতি ফুকনে কয় যে আগন্তুক দিনত পঞ্চায়ত নির্বাচনৰ আভ্যন্তৰীণ সাংগঠনিক কামকাজ লগতে দলটোৰ ভৱিষ্যৎ পৰিকল্পনা ,তৃৰ্ণমূল পৰ্যায়ৰ কৰ্মী সকলৰ সৈতে দলীয় কামকাজ সমুহৰ জৰিয়তে কি দৰে দলটোক আগুৱাই নিব পাৰি সেই সন্দৰ্ভত উক্ত বৈঠক অনুষ্ঠিত হোৱাৰ বিষয়ে অৱগত কৰে। সংবাদ মাধ্যমৰ আগত অংকিতা দত্তৰ নিলম্বন সম্পর্কত কোনোধৰণৰ মতামত বা সিদ্ধান্ত বৰ্তমানলৈকে জনাব পৰা হোৱা নাই বুলি তেওঁ সদৰী কৰে। আমগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত ৰুদ্ধদ্বাৰ বৈঠকত জিলা সাধাৰণ সম্পাদিকা ,আমগুৰি ব্লক নগৰৰ সভাপতি , আমগুৰি গ্ৰাম্য ব্লক সভাপতি ,চাহ কোষৰ সভাপতি, নগৰ মহিলা সভানেত্ৰী সহ এপিচিচি ৰ কাৰ্যকৰী সদস্য আদিকে ধৰি বহু কেইগৰাকী দলীয় বিষয়ববীয়া কৰ্মকৰ্তা উপস্থিত থাকে ।










