হাটশিঙীমাৰী, ৭মে’:দক্ষিণ শালমাৰা মানকাচৰ জিলাত যোৱা নভেম্বৰ মাহত জিলা বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ ধনশ্যেম পাটোৱাৰীৰ নেতৃত্বত জিলা খনৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ কাটফলা মিলৰ বিৰুদ্ধে অভিযান চলাই বহুকেইটা কাটফলা মিল জব্দ কৰাৰ লগতে জিলাখনৰ পুঠিমাৰী বজাৰ, হাটশিঙীমাৰী সাপ্তাহিক বজাৰ আৰু মাগুৰমাৰী বজাৰ সমূহত অবৈধ কাঠ বিক্ৰী বন্ধ কৰা পৰিলক্ষিত হৈছিল৷ কিন্তু বৰ পৰিতাপৰ বিষয় যে, এয়া আছিল এক ভেকোভাওনা৷ কিয়নো বৰ্তমান জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী চোমৰাশালী, তেলঢালা, বৌবজাৰ, বানশালী, টানগাওঁ, কুমাৰগাতী পাহাৰ আদি ঠাই সমূহত একাংশ বন মাফিয়াই চলাই আছে তাণ্ডৱ লীলা। উক্ত ঠাই সমূহৰ বনাঞ্চলত বিভিন্ন ধৰণৰ শাল, চেগুনৰ দৰে গছ সমূহ কাটি পাহাৰ বোৰ ধ্বংস কৰা পৰিলক্ষিত হৈছে। লগতে জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰায় অৰ্ধশতাধিক অবৈধ কাঠফলা মিল চলি আছে৷ এই ক্ষেত্ৰত নিৰৱ ভুমিকা পালন কৰি আহিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ ধনশ্যেম পাটোৱাৰীয়ে। দীৰ্ঘ দিন ধৰি একাংশ বন মাফিয়াই এনেদৰে পাহাৰীয়া অঞ্চলসমূহত সৰু ডাঙৰ শাল, চেগুন গছ সমূহত কাটি ধ্বংস কৰি থকাৰ মাজতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন বিভাগৰ ডেপুটি ৰেঞ্জাৰে৷ নিতৌ বনাঞ্চল সমূহ একাংশ দুষ্ট প্ৰকৃতিৰ মানুহে মূল্যবান গছ সমূহ কাটি ধংশ কৰি জিলা খনৰ থকা পুঠিমাৰী বজাৰ, হাটশিঙীমাৰী সাপ্তাহিক বজাৰ আৰু মাগুৰমাৰী বজাৰত অবাধে বিক্ৰী কৰা পৰিলক্ষিত হৈছে৷ কিন্তু জিলা বন বিভাগে সকলো দেখিও নেদেখাৰ ভাও জুৰি আছে৷ সেয়ে জিলাখনত থকা সচেতন ব্যক্তি সকলে জিলা বন বিভাগক দোষাৰোপ কৰি আছে৷ কিয়নো জিলা বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাথোঁ দুশ মিটাৰ নিলগত থকা হাটশিঙীমাৰী সাপ্তাহিক বজাৰত চলি আছে এই অবৈধ কাঠৰ ৰমৰমীয়া বজাৰ৷ জিলা বনবিভাগৰ ডেপুটি ৰেঞ্জাৰ ধনশ্যেম পাটোৱাৰীৰ চকুত পৰে নে এই ধংশলীলা৷ নে ইয়াৰ লগত জিলা বন বিভাগৰ একাংশ কৰ্মচাৰী জড়িত হৈ আছে এই লৈ জিলাখনৰ সচেতন ৰাইজৰ মাজত বহুমূলীয়া প্ৰশ্নৰ উদ্ভৱ হৈছে৷ সেয়ে জিলাখনৰ সচেতন মহলে পূৰ্বাঞ্চলৰ পাহাৰ সমূহত চলা বন ধংশৰ লগতে জিলাখনত চলি থকা অবৈধ কাঠফলা মিল সমূহ বন্ধ কৰিবলৈ জিলা উপায়ুক্তৰ লগতে ডি এফ অক অনুৰোধ জনাইছে৷ জিলা উপায়ুক্তৰ লগতে ধুবুৰী ডি এফ ও গৰাকীয়ে উক্ত ঘটনাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয় বিষয়৷