মৈৰাবাৰী,১৫ মে’ : কোনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত ব্যক্তিক মৃত্যুৰ পিছত টাউন কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ’ব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মৈৰাবাৰী টাউন কবৰস্থানৰ নতুন কমিটিয়ে। দেওবাৰে অনুষ্ঠিত হোৱা ৩৬ জনীয়া নতুন কাৰ্যকৰী কমিটিৰ প্ৰথমটো বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত দিন সমূহত মৈৰাবাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহত ড্ৰাগছৰ ব্যৱসায় আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাই আহিছে। ড্ৰাগছ সেৱন কৰি অতি কম বয়সতে ইতিমধ্যে বহু যুৱক, কিশোৰৰ অকাল মৃত্যু হৈছে। একাংশ শিক্ষকো ড্ৰাগছ আসক্ত হৈ পৰিছে। আনকি ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যাও চিন্তাজনক ভাবে বৃদ্ধি পাইছে। অঞ্চলটোত আঢ্যৱন্ত আৰু শিক্ষিত পৰিয়াল ব্যক্তিও ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ সৈতে জড়িত হৈ পৰিছে। ড্ৰাগছ নিৰ্মূল কৰণৰ বাবে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনে মৈৰাবাৰীত এক পাইলট প্ৰজেক্ট হাতত লৈছে।অলপতে জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত মৈৰাবাৰীত এই পাইলট প্ৰজেক্টৰ লগত সংগতি ৰাখি এক সজাগতামূলক সভাও অনুষ্ঠিত হয়। ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে সজাগ সচেতন কৰি তোলাৰ স্বাৰ্থত তথা ড্ৰাগছৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে মৈৰাবাৰী টাউন কবৰস্থান কমিটিয়েও গ্ৰহণ কৰিছে এই কঠোৰ ব্যৱস্থা। সময়োচিত এনে সমাজহিতৈষী পদক্ষেপক আদৰণি জনাইছে ৰাইজে।










