গুৱাহাটী,২৪ মে’ : অসম আৰু মেঘালয়ৰ মাজত থকা সীমা বিবাদৰ ছটাৰ ইতিমধ্যে মীমাংসা হৈছে যদিও এতিয়াও ছটা এলেকাৰ বিবাদ মীমাংসা হ’বলৈ বাকী আছে। বাকী থকা ছটা জটিল বিবাদমান সীমাৰ ক্ষেত্ৰত মীমাংসাত উপনীত হ’বলৈ বুধবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ লগতে দু্য়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে দুয়োখন ৰাজ্যৰ মাজত ১২ এলেকাৰ বিবাদ আছিল। তাৰে ছটা এলেকাৰ বিবাদ ইতিমধ্যে মীমাংসা কৰা হৈছে। বাকী থকা ছটা বিবাদমান এলেকাক লৈ আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত বৈঠক অনুষ্ঠিত হয়। আজিৰে পৰা ইতিমধ্যে গঠন কৰি দিয়া মন্ত্রী পৰ্যায়ৰ আঞ্চলিক কমিটি সমূহে বিবাদমান এলেকাসমূহ ভ্ৰমণ কৰি ৰাইজৰ লগত কথা পাতি সমস্যা সমাধানৰ চেষ্টা কৰিব। জুন মাহৰ শেষৰ ফালে তেওঁ মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে কাৰ্বিআংলং আৰু জয়ন্তীয়া পাহাৰৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ বিশ্বাসযোগ্যতা গঢ় বাবে প্ৰয়াস কৰিব বুলি তেওঁ কয়। যাতে দুয়োখন ৰাজ্যৰ বিবাদমান এলেকাৰ ৰাইজৰ মাজত বন্ধুত্বৰ ভাৱ গঢ় লৈ উঠে। বিবাদ মীমাংসাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগে ৰাইজক আশ্বস্ত কৰিব লাগিব। ইয়াৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আৰম্ভনী কৰিছে। কনৰাড চাংমা পুনৰ নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰ চৰকাৰী পৰ্যায়ত আলোচনাত মিলিত হোৱাৰ কথা সদৰি কৰি তেওঁ কয় যে আলোচনাৰ মাধ্যমেৰে বুজাবুজি আৰু বিশ্বাসৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বাকী থকা ছটা এলেকাৰ বিবাদ মীমাংস কৰিব পৰা যাব। আনহাতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে ছটা বিবাদমান এলেকাৰ বিবাদ মীমাংসাৰ বাবে আৰম্ভনী কৰা হৈছে। আজিৰ বৈঠকত আঞ্চলিক সমিতিসমূহৰ প্ৰতিবেদন সমূহ পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰা হৈছে। তেওঁ কয় যে আঞ্চলিক সমিতি সমূহক বিবাদমান এলেকাৰ তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ লগত আলোচনা কৰি সকলো দিশ চালিজাৰি চোৱাৰ বাবে আজিৰ বৈঠকত কোৱা হৈছে। আঞ্চলিক সমিতিসমূহৰ এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমান্তবৰ্তী কাৰ্বিআংলং আৰু জয়ন্তীয়া পাহাৰৰ বিবাদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিব। জুলাই মাহত সকলো প্ৰতিবেদনৰ পৰ্যালোচনা কৰা হ’ব বুলি তেওঁ সদৰি কৰে। যথেষ্ট জটিল হ’লেও সীমা বিবাদৰ এই সমস্যাৰ শীঘ্ৰে সমাধান হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কিছুমান এলেকাৰ বিবাদ সোনকালে মীমাংসা হ’ব পাৰে আৰু কিছুমান এলেকাৰ ক্ষেত্রত কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে। জুলাইৰ শেষত পুনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰা হ’ব।










