বঙাইগাঁও ৩০ মে:: বঙাইগাঁও জিলা মীন বিভাগে গৰাইমাৰীত অভিযান চলাই নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ পোনা নষ্ট কৰাত মীনপালক সকলে প্ৰশংসা কৰিছে। জানিব পৰা মতে – জিলা মীন উন্নয়ন বিষয়া দেৱব্ৰত দাসে এক গোপন তথ্যৰ ভিত্তিত আজি জিলাখনৰ গৰাইমাৰীত অভিযান চলাই প্ৰায় ৫০ হাজাৰ থাইলেণ্ড মাগুৰ মাছৰ পোনা নষ্ট কৰে। ৰাজ্যখনত থাইলেণ্ড মাগুৰ নিষিদ্ধ যদিও দুষ্ট চক্ৰই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অবাধে থাইলেণ্ড মাগুৰ মাছৰ পোনা বিক্ৰী কৰি আহিছে। থাইলেণ্ড মাগুৰ মাছে অসমৰ থলুৱা মাছৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত মীন বিভাগে এইদৰে অতৰ্কিতে অভিযান চলায়। অভিযানৰ খৱৰ পাই থাইলেণ্ড মাগুৰৰ পোনা বিক্ৰেতা পলায়ন কৰে। জিলা মীন বিভাগে থাইলেণ্ড মাগুৰৰ বিৰুদ্ধ চলোৱা অভিযানক মীনপালকসকলে প্ৰশংসা কৰিছে। অভিযান চলোৱাৰ সময়ত জিলা মীন উন্নয়ন বিষয়া দেৱব্ৰত দাস, মহকুমা মীন উন্নয়ন বিষয়া বাবন কলিতা, মানিকপুৰ মীন উন্নয়ন বিষয়া কংকনা দাস, মীন প্ৰদৰ্শক অজিত কলিতা, কনিষ্ঠ সহায়ক হৰেশ্বৰ দাস উপস্থিত আছিল বুলি জানিব পৰা গৈছে। অভিযানৰ পিছত স্হানীয় লোকক লৈ এক সভা অনুষ্ঠিত কৰে আৰু থাইলেণ্ড মাগুৰৰ অপকাৰীতাৰ বিষয়ে বক্তব্য দিয়ে মীন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে। জিলা মীন উন্নয়ন বিষয়াই সাংবাদিকক জনোৱামতে থাইলেণ্ড মাগুৰৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান অব্যাহত থাকিব।
Home অসম আৰু উত্তৰপূব বঙাইগাঁও জিলা মীন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ,নষ্ট কৰিলে ৫০ হাজাৰ থাইলেণ্ড মাগুৰৰ পোনা










