সৰুপথাৰ, ৫জুন:প্ৰতিটো বছৰৰ দৰে আজি ৫জুন তাৰিখে সমগ্ৰ দেশৰ লগতে সৰুপথাৰৰ ৰেংমাই মধ্য ইংৰাজী বিদ্যালয়ত সমাজ কৰ্মী জীৱন চুতীয়াৰ উদ্যোগত ছাত্র- ছাত্রী, শিক্ষক, সকলো একত্ৰিত হৈ পালন কৰিলে বিশ্ব পৰিবেশ দিৱস।বিশ্বব্যাপী গণ সচেতনতা সৃষ্টিৰ বাবে আৰু সুস্থ পৰিবেশ সুস্থ চিন্তা ধাৰা গঢ়ি তুলিবৰ বাবে আজিৰ দিনটোত চিন্তা চৰ্চা কৰা হয়।বিশ্ব পৰিবেশ দিৱসৰ আজিৰ দিনটোত ৰেংমাই মধ্য ইংৰাজী বিদ্যালয় খনৰ চৌহদত আৰু মানুহৰ ঘৰৰ পদুলী মূখত মহা নিম, চাছি গছৰ লগতে বিভিন্ন মূল্যৱান গছ ৰূপন কৰে। আজি এই পৰিৱেশ দিৱসৰ কাৰ্য্যসূচী টোত জীৱন চুতীয়াৰ লগতে তেওঁৰ সহধর্মিণী দেৱযানী চুতীয়া গগৈ, পুত্র চিন্ময় আৰু বহুতো গন্যমান্য ব্যক্তি উপস্থিত থাকে।