গুৱাহাটী,৬ জুনঃ অৱশেষত ঘোষণা কৰা হ’ল উচ্চতক মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ নিশা ২ বজাত টুইটাৰযোগে ফলাফল ঘোষণা কৰিব বুলি জনোৱাৰ পাছত মঙলবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। মুঠ ২৬১২৩১ গৰাকী প্ৰাৰ্থীয়ে কলা শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইয়াৰে ২৮৬৫১ গৰাকীয়ে প্ৰথম স্থান, ৫৮৮৬৯ গৰাকীয়ে দ্বিতীয় স্থান, ৯৫৬৬০ তৃতীয় স্থান লাভ কৰে। সেইদৰে বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ।
কলা শাখাৰ শীৰ্ষৰ দহটা স্থানঃ
কলা শাখাত প্ৰথম স্থানত উজ্বলিল নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সংকল্পজিৎ শইকীয়া। ৪৯০ নম্বৰ লাভ কৰিছে সংকল্পজিৎ শইকীয়াই। দ্বিতীয় স্থানত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দিয়া মহন্ত। ৪৮৮ নম্বৰ লাভ কৰিছে দিয়া মহন্তই। তৃতীয় স্থানত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শ্ৰেয়া সৰকাৰ। ৪৮৭ নম্বৰ লাভ কৰিছে শ্ৰেয়া সৰকাৰে। চতুৰ্থ স্থানত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছুকলেনমুং চেতিয়া। ৪৮৬ নম্বৰ লাভ কৰিছে ছুকলেনমুং চেতিয়াই। পঞ্চম স্থানত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শ্বেক টানিয়া টাচমিন ৰহমান। ৪৮২ নম্বৰ লাভ কৰিছে শ্বেক টানিয়া টাচমিন ৰহমানই। ষষ্ঠ স্থানত নলবাৰীৰ শংকৰদেৱ একাডেমীৰ কাব্যশ্রী শৰ্মা।৪৮১ নম্বৰ লাভ কৰিছে কাব্যশ্রী শৰ্মাই। সপ্তম স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কশ্মিতা শৰ্মা। ৪৮০ নম্বৰ লাভ কৰিছে কশ্মিতা শৰ্মাই। নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চবনম শইকীয়া। ৪৮০ নম্বৰ লাভ কৰিছে চবনম শইকীয়াই। অষ্টম স্থানত বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ প্রতীক্ষা ভূঞা। ৪৭৯ নম্বৰ লাভ কৰিছে প্রতীক্ষা ভূঞাই। বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দৃষ্টি এন জি বৰ্মন। ৪৭৯ নম্বৰ লাভ কৰিছে দৃষ্টি এন জি বৰ্মনে। নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল জেৰিফা আহমেদ। ৪৭৯ নম্বৰ লাভ কৰিছে জেৰিফা আহমেদে। নৱম স্থানত বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কাব্যশ্রী দাস। দশম স্থানত ক্ৰমে উজ্বলিল কৃষ্টিনা দেৱী, মৃণ্ময় কুমাৰ বৰা, ৰক্তিমা পাটৰ। কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ কৃষ্টিনা দেৱী। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ মৃণ্ময় কুমাৰ বৰা। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ ৰক্তিমা পাটৰ। ৪৭৬ নম্বৰ লাভ কৰিছে আটাইকেইজনে।
বিজ্ঞান শাখাৰ শীৰ্ষৰ দহটা স্থানঃ
বিজ্ঞান শাখাত প্ৰথম স্থানত উজ্বলিল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিখিলেশ দত্ত। দ্বিতীয় স্থানত ক্ৰমে অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায় আটাইকেইজন ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ। তৃতীয় স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া। চতুৰ্থ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সত্যজিত কামান। পঞ্চম স্থানত চৰাইদেউৰ ইলাট একাডেমিৰ গৌৰাংগজিত গগৈ। ষষ্ঠ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গভ শিবম। সপ্তম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিকাশ জ্যোতি চহৰীয়া। অষ্টম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতৰুপা বৰকাকতি। নৱম স্থানত কটন বিশ্ববিদ্যালয়ৰ শয়ন পড্ডাৰ; আলফা বেটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ হিমামিশ দত্ত; শিৱসাগৰ নাজিৰাৰ বেদ একাডেমিৰ কাশ্যপ গগৈ। দশম স্থানত ধুবুৰীৰ শিশু পাঠশালা এইছ এছ স্কুলৰ নবীন সাহা, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস।
বাণিজ্য শাখাত শীৰ্ষৰ দহটা স্থানঃ
প্ৰথম স্থানঃ বৰ্ষা বথ্ৰা ( কেচি দাস কমাৰ্চ কলেজ, কামৰূপ)
সুকন্যা কুমাৰ(মালাবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কামৰূপ)
দ্বিতীয় স্থানঃ জিলিক শীল ( শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও)
তৃতীয় স্থানঃ জাহাংগীৰ আলম চৌধুৰী(পেৰামাউন্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, হাইলাকান্দি)
চতুৰ্থ স্থানঃ সূৰ্য জৈন (চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়)
পঞ্চম স্থানঃ কেছিকা জৈন ( দ্ৰৌনাচাৰ্য একাডেমী, বৰপেটা)
ষষ্ঠ স্থানঃ নন্দিতা দাস( চিকেবি কমাৰ্চ কলেজ, যোৰহাট)
সপ্তম স্থানঃ স্মৃতি ঠাকুৰ( ৱমেন কলেজ, তিনিচুকীয়া)
অষ্টম স্থানঃ ঋষিতা শৰ্মা ( চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়)
ইউনুছ আনছাৰী(মৰাণ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, ডিব্ৰুগড়)
ৰিফা অন্তৰা আহমেদ(ব্যক্তিগত )
কুনাল জ্যোতি বৈশ্য় ( নলবাৰী কমাৰ্চ কলেজ)
নৱম স্থানঃ উন্নিতা গোস্বামী ( শ্ৰীমন্ত শংকৰদেৱ একাডেমী, কামৰূপ)
দশম স্থানঃ দীপিকা আগৰৱাল (ব্যক্তিগত)।










