জুৰীয়া, ৭মেঃএফালে উৎকট গৰমে দহিছে সমগ্ৰ অসমৰ লগতে জুৰীয়াৰ ৰাইজক। আনফালে বিদ্যুতৰ লুকাভাকুৰ সমানেই বিদ্যুৎ যোগান থকাৰ সময়তো নিয়মীয়াকৈ ভল্টেজ নথকাৰ বাবে জ্বলা কলা খাবলগীয়া হৈছে ৰাইজে। ৰাইজৰ অভিযোগ মতে ভল্টেজৰ এই সমস্যাৰ ফলত বন্ধ হৈ আছে পানী যোগান আঁচনি, উদ্যোগ, এ টি এম, হোটেলৰ ফ্ৰিজ আদি। মাহে মাহে বিল পৰিশোধ কৰাৰ পিছতো মাত্ৰ দুই তিনি ঘন্টা হে বিজুলি থকাৰ অভিযোগ ৰাইজৰ। ইফালে বিদ্যুৎ বিভাগৰ বাবেই জুৰীয়া বজাৰৰ ব্যৱসায়ী সকলো যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ভল্টেজৰ সমস্যাৰ ফলত ফেন,পানীৰ মটৰ, ফ্ৰীজ আদি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যাত পৰিছে। যোৱা ৬ দিন ধৰি বন্ধ হৈ আছে PNB আৰু SBIৰ এটিএম । আনহাতে সন্ধিয়া লাইটৰ পোহৰৰ নামতো কেৱল অন্ধকাৰময় পৰিবেশৰ সন্মুখীন হবলগীয়া হয় বুলিও অভিযোগ কৰে জুৰীয়াৰ ৰাইজে। লাইটৰ কম ভল্টেজৰ ফলত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। বহুবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দিয়া হৈছে যদিও এইক্ষেত্ৰত গা লৰা নাই বিভাগটোৰ ঠিকাদাৰ কৰ্মচাৰীৰ। যাৰ বাবে আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।










