গুৱাহাটী,৩০ জুনঃ গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা বিহু নৃত্যৰ বিশাল অনুষ্ঠানত অংশ গ্ৰহণ কৰা কামৰূপ মহানগৰ জিলাৰ বিহুৱা-বিহুৱতীসকলক শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা। মন্ত্ৰীগৰাকীয়ে ৰিম’টৰ বুটাম টিপি ৮২০ গৰাকী বিহুৱা-বিহুৱতীৰ প্ৰতিগৰাকীৰ বেংক একাউণ্টলৈ পোনপতীয়াকৈ ২৫ হেজাৰ টকাকৈ মাননিৰ ধন প্ৰেৰণ কৰে ৷ অনুষ্ঠানত ২০ গৰাকী বিহুৱা-বিহুৱতীক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ বাকীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ৫ জুলাইত প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী বিমল বৰাই কয় যে অসমৰ এঘাৰ হেজাৰ ডেকা-গাভৰুৱে সৰুসজাইৰ বাকৰিত বিহুৰ বিনন্দীয়া ৰূপ বিশ্ববাসীৰ ওচৰত তুলি ধৰিলে। ভূপেনদাই ব’হাগক লৈ লিখা গীতটোৰ মৰ্মাৰ্থ সেইদিনা ভালদৰে উপলব্ধি কৰিবলৈ সক্ষম হ’লো বুলি তেওঁ কয়। সেই অনুষ্ঠানৰ পিছৰে পৰা বিহু বিশ্বৰ সন্মুখত অসমৰ পৰিচয় হৈ পৰিল৷ এতিয়া অসমৰ বাবে পৃথক ব্ৰেণ্ড এম্বেচেডৰৰ প্ৰয়োজন নাই ৷ বিহুৱে অসমৰ ব্ৰেণ্ড এম্বেচেডৰ। বিহুৱা আৰু বিহুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে বিহু নৃত্য কৰি আনন্দ কৰিলেই নহ’ব ৷ আমি বিহু নাচিম, কিন্তু বিহুৰ মাজেৰে আমি অৰ্থনীতিৰ বিকাশো কৰিব লাগিব। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয় যে ব’হাগ বিহুৰ সময়ত দেশ-বিদেশৰ পৰ্যটকক অসমলৈ আকৰ্ষণ কৰাৰ এটা পৰিকল্পনা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হৈছে। এয়া কাৰ্যকৰী হ’লে আমি যথেষ্ট লাভবান হ’ম ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত ভাষণ প্ৰদান কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, সাংস্কৃতিক বিভাগৰ বিশেষ সচিব অশোক বৰ্মন, অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই ৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া, বিহুৱা- বিহুৱতীসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ মাজতে পথ সুৰক্ষাৰ সজাগতাৰ বাবে ভিডিঅ’ আৰু মুকাভিনয় প্ৰদৰ্শন কৰা হয় ৷ বিহু নৃত্য প্ৰদৰ্শনেৰে উক্ত অনুষ্ঠানৰ সামৰণি পৰে৷










