গুৱাহাটী,১ জুলাইঃসমগ্ৰ দেশৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান মুকলি কৰা হয়। সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত এই আঁচনি মুকলি কৰা হয়। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজ চমুৱা, অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছা, কামৰূপ মহানগৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস,সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মকৰ্তাসকল তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাষ্ট্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়া সকলে। অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহুৰ ভাষণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশত আঁচনি মুকলি কৰা অনুষ্ঠানৰ দৃশ্যাংশ প্ৰদৰ্শন কৰা হয়৷ ইয়াৰ পাছতে বিভিন্ন জিলাৰ পৰা অহা হিতাধিকাৰীসকলক চিকল চেল আই ডি কাৰ্ড বিতৰণ কৰা হয়। চিকল চেল হৈছে এক বংশানুগত ৰক্তজনিত ৰোগ৷ মূলতঃ জনজাতীয় লোকসকলৰ মাজত এই ৰোগ উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যেৰে এই আঁচনি আৰম্ভ কৰিছে।