গুৱাহাটী,৬ জুলাইঃ অৱশেষত ধৰা পৰিল পল‍াতক প্ৰাক্তন আৰক্ষী বিষয়া বিমান ৰয়। ২৯ জুনৰ পৰা পলাতক হৈ থকা ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ সন্ধান পালে অসম আৰক্ষীয়ে। এগৰাকী কিশোৰীক থানাৰ ভিতৰত উলংগ কৰি ফটো তোলাৰ গুৰুতৰ অভিযোগত অভিযুক্ত আছিল বিষয়াগৰাকী। এই কাণ্ডই ৰাজ্যজুৰি তুমূল বিতৰ্কই সৃষ্টি কৰাৰ পাছত ৰয়ক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পলাতক হৈ থকা বিষয়াগৰাকীক গুৱাহাটীৰ পানীখাইতি ৰে’লৱে ষ্টেচনৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। কি পৰিস্থিতিত আৰক্ষী বিষয়াগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো তথ্য সদৰি কৰা নাই। সমগ্ৰ বিষয়টো এতিয়াও ৰসহ্যজনক হৈ আছে। মষ্ট ৱাণ্টেড ঘোষণা কৰা ৰয়ক আৰক্ষীয়ে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰিছে।