কচুৱা, ২৪জুলাইঃকঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা গাওঁ পঞ্চায়তৰ সভাপতি এহিয়া মোস্তাফা আৰু সচিব মানিক চন্দ্ৰ দাসৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে দহজন ৱাৰ্ড সদস্যৰ পক্ষত বহুসংখ্যক ৰাইজ সমবেত হয় ৷ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতে ৰাইজ একত্ৰিত হৈ সভাপতি আৰু সচিবৰ কামকাজক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ পঞ্চদশ বিত্ত আয়োগৰ প্ৰায় এক কোটি টকাৰ বিভিন্ন অনুমোদিত আঁচনি সমূহ নিশাটোৰ ভিতৰত সম্পূৰ্ণ সলাই সভাপতি আৰু সচিবে উৰ্ধতন কৰ্তৃপক্ষক মেনেজ কৰি আঁচনি ৰূপায়নত ব্যাপক লুন্ঠনৰাজ চলোৱা বুলি অভিযোগ দহজন ৱাৰ্ড সদস্যই ৷ ইপিনে বহুদিনৰ পৰা সভাপতি আৰু সচিবক বিচাৰি ৱাৰ্ড সদস্য তথা ৰাইজ হাহাকাৰত ভুগিছে যদিও দুয়ো নিজ মুনাফাৰ বাবে পঞ্চায়ত কাৰ্যালয়ত নবহে বুলিও সমালোচিত হৈছে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্চায়ত খনত কোনোধৰনৰ সভা অনুস্থিত নোহোৱাৰ অভিযোগ উঠিছে।যাৰ ফলত দেওবাৰে ৱাৰ্ড সদস্য সকলৰ লগতে স্থানীয় ৰাইজে ৰাজহুৱা সভাৰ যোগেদি পূৰ্বৰ অনুমোদিত আঁচনি সমূহ ৰূপায়ন কৰিবলৈ দাবী জনায়।










