জুৰীয়াৰ, ৩১জুলাইঃজুৰীয়াৰ চেনিমাৰী এন চি চৰত সন্ত্ৰাস চলোৱা এই লোকেল গুণ্ডা আন কোনো নহয়। এইজন লোকেল গুণ্ডাৰ নাম হৈছে চমেদ আলী। কিছুদিন পূৰ্বে বুঢ়া চাপৰিৰ উচ্ছেদিত প্ৰায় ডেৰ শতাধিক ভূমিহীন লোকক ৰূপহী ৰাজহ চক্ৰ বিষয়াই ভূমি প্ৰদান কৰিছিল চেনিমাৰী এন চি চৰৰ এটা টাপুত। ভূমিহীন লোকৰ যাতায়তৰ সুবিধাৰ্থে ৰাইজে চেনিমাৰী সুতিৰ ওপৰত নিৰ্মাণ কৰি দিছিল এটি বাহৰ দলং। পূৰ্বে এই সুতিত নাৱেৰে যাতায়তৰ নামত ৰাইজৰ পৰা বৃহৎ ধন সংগ্ৰহ কৰিছিল চেনিমাৰী এন চি চৰৰ লোকেল গুণ্ডা বুলি খ্যাত চমেদ আলীয়ে। এইবাৰ যাতায়তৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰি চমেদ আলীয়ে খঙত অগ্নিশৰ্মা হৈ ৰাইজৰ ওপৰত বিভিন্ন মিছা আৰু ভিত্তিহীন অভিযোগ দাখিল কৰিছিল নগাঁও জিলা আৰক্ষী আৰু বন বিভাগক। যদিও আৰক্ষী আৰু বন বিভাগ স্বৰজমিন তদন্তত ৰাইজৰ কোনো দোষ নাপালে। ৰাইজক মিছা অভিযোগ দি হাৰাশাস্তি কৰাৰ বাবে চেনিমাৰী এন চি চৰৰ ৰাইজে লোকেল গুণ্ডা চমেদ আলীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।










