লখিমপুৰ, ষ্টাফ ৰিপটাৰ ১২ অক্টোবৰ ; নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত যোৱা ৯ অক্টোবৰৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাই আজি তৃতীয় দিন ভৰি দিয়ে৷ এই তিনিওটা দিনতে গ্ৰন্থমেলাত পঢ়ুৱৈৰ যথেষ্ট সঁহাৰি লক্ষ্য কৰা যায়৷ লগতে বিভিন্নজন লেখক-সাহিত্যিকেও গ্ৰন্থমেলাৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে৷ গ্ৰন্থমেলাখন উদ্বোধন কৰে সাহিত্য সমালোচক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ অঞ্জন কুমাৰ ওজাই৷ উদ্বোধকৰ ভাষণত তেওঁ কয় যে, এখন5 মহাবিদ্যালয়ে নিজা উদ্যোগত এনেকুৱা এখন গ্ৰন্থমেলা আয়োজন কৰাটো অসমৰ প্ৰেক্ষাপটত এক দৃষ্টান্ত৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থ অধ্যয়নৰ উপযোগিতা সম্পৰ্কে এটি মনোজ্ঞ বক্তৃতা প্ৰদান কৰে গীতি সাহিত্যৰ গৱেষক-সমালোচক বৰ্ণালী কটকী ওজাই৷ গ্ৰন্থমেলাৰ প্ৰথম তিনিটা দিনত একোখনকৈ আলোচনা-চক্ৰৰ আয়োজন কৰে ক্ৰমে মহাবিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগ, পদাৰ্থ বিজ্ঞান বিভাগ আৰু ভূগোল বিভাগে৷ প্ৰথম দিয়া মহাবিদ্যালয়খনৰ এটি ছাত্ৰী নিবাসে বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামী স্মাৰক এটি মনোজ্ঞ অনুষ্ঠান আয়োজন কৰে৷ দ্বিতীয় দিনা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে গীত-নৃত্য-নাটকেৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷ বিশিষ্ট সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ স্মৃতিত এটি অনুষ্ঠান আয়োজিত হয় বুধবাৰৰ সন্ধিয়া৷ সাম্প্ৰতিক সময়ৰ শক্তিশালী ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি আৰু লক্ষীনন্দন বৰগোহাঞিয়ে তৃতীয় দিনা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত ভাগ লয়৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত জুৰী বৰা বৰগোহাঞিয়ে ‘ঔপন্যাসিক হিচাপে মোৰ যাত্ৰা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে৷ তেওঁ লগতে পাঠকৰ সৈতে অন্তৰংগ আলাপতো অংশ গ্ৰহণ কৰে৷ লক্ষীনন্দন বৰগোহাঞিয়ে ‘অসমৰ গলবস্ত্ৰ’ শীৰ্ষক বিষয়ত এটি চিত্তাকৰ্ষক বক্তৃতা প্ৰদান কৰে৷ ইতিমধ্যে কলেজ পৰ্যায়ত কুইজ, ফটোগ্ৰাফী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে৷ কালিলৈ মাধ্যমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত লখিমপুৰ জিলাভিত্তিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ তৰফৰ পৰা ড॰ অৰবিন্দ ৰাজখোৱাই জনাই যে, এইবাৰৰ গ্ৰন্থমেলালৈ পূৰ্বতকৈ অধিক সংখ্যক গ্ৰন্থ অনা হৈছে৷ সমান্তৰালভাৱে পঢ়ুৱৈৰ সঁহাৰিও যথেষ্ট ব্যাপক৷ অহা ১৬ অক্টোবৰত এই গ্ৰন্থমেলাৰ সামৰণি পৰিব৷










