লখিমপুৰ, ১৫ অক্টোবৰ ; মাৰোৱাৰী যুৱ মঞ্চ উত্তৰ লখিপুৰৰ শাখাই লখিমপুৰ চহৰত অমৃত ধাৰা প্ৰকল্পৰ ৰাইজৰ বাবে শুভ উন্মোচন কৰে । বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বাবে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মুখত বিনোদ হাৰলালকই তেওঁৰ মাতৃ মণি দেৱী ,পিতৃ সোহন লাল হলালকাৰ সোঁৱৰণীত নিৰ্মান কৰা প্ৰকল্প টো আজি শুভাৰম্ভণি কৰে প্ৰকল্পৰ দাতা বিনোদ হাৰলালকাই । এই উপলক্ষে আজি খেলমাটি নামঘৰৰ সন্মুখত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ আঁত ধৰে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা স্থানীয় সদস্য দিলীপ কুমাৰ বৰুৱাই । মাৰোৱাৰী যুৱ মঞ্চ লাক্ষীপুৰ শাখাই আজি প্ৰকল্পটো খেলমাটি নামঘৰ পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰে । যুৱ মঞ্চই পূৰ্বে আন চাৰিটা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা লখিমপুৰ চহৰৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুকলি কৰিছে । ইয়াৰ ফলত ৰাইজ বহু পৰিমাণে উপকৃত হৈছে বুলি মঞ্চই সদৰী কৰে।