লখিমপুৰ, ১৮ ডিচেম্বৰ ; অযোধ্যাত অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনটোত ৰাম মন্দিৰৰ ওপৰিও ভাৰত বৰ্ষৰ ৫ লাখ মন্দিৰত একেলগে হব আৰতি আৰু বন্তি প্ৰজ্বলন । এই মন্তব্য _ বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় মহামন্ত্ৰী মিলিন্দ পৰান্দেৰ ।
আজি নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল সম্বোধন কৰি মহামন্ত্ৰী গৰাকীয়ে কয় -আগন্তুক ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰী পৰ্য্যন্ত বিশ্ব হিন্দু পৰিষদে এই উপলক্ষ্যে চলাব দেশ জুৰি শৌৰ্য জাগৰণ যাত্ৰা । অসমতো ১৫ হাজাৰ গাঁৱত সেই দিনটোত একেলগে বন্তি প্ৰজ্বলন আৰু আৰতিৰ ব্যবস্থা কৰিব বজৰং দলে ।সেই উপলক্ষ্যেই দেশজুৰি এতিয়া এই ধৰণে তৎপৰ হৈ পৰিছে বিশ্ব হিন্দু পৰিষদ বজৰং দল । আনহাতে ধৰ্মান্তৰ কৰণ আৰু লাভ জেহাদৰ ওপৰতো সোচ্চাৰ হৈ পৰি মিলিন্দ পৰান্দে কয়-খ্ৰীষ্টান সকলে ধৰ্মান্তৰকৰণৰ বাবে বাহিৰৰ দেশৰ পৰা টকা লাভ কৰে । একেদৰে মুছলমান সমাজৰ একাংশ লোকেও লাভ জেহাদৰ যোগেদি কৰি ধৰ্মান্তৰকৰণৰ কাম । এই প্ৰক্ৰিয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমূহে আইন প্ৰণয়ন কৰিব লাগে তেওঁ দাবী তোলে । তেওঁ কয়- দেশত এই সন্দৰ্ভত শক্তিশালী আইন নোহোৱাৰ বাবে ধৰ্মান্তৰকৰণ, লাভ জেহাদ, গো হত্যা, আদি কাম সমূহ এক শ্ৰেণীৰ লোকে কৰি গৈছে । ইতিমধ্যে ইয়াৰ সজাগতাৰ বাবে বিশ্ব হিন্দু পৰিষদ বজৰং দলে দেশৰ ৯০ হেজাৰ গাঁৱত অভিযান চলাইছে । ভাৰতৰ সংবিধানে ধৰ্মান্তৰিতকৰণ, লাভ জেহাদ আদিৰ অনুমতি দিয়া নাই যদিও খ্ৰীষ্টান মিছনেৰী সকলে বিভিন্ন প্ৰলোভন, ভয় ভাবুকি দেখুৱাই এই কামবোৰ কৰি গৈছে । অসম অৰুণাচল , তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দু ধর্মৰ ওপৰত পোনপটীয়া আক্ৰমণ হৈছে বুলি মন্তব্য কৰি কেন্দ্ৰ ৰাজ্য চৰকাৰক কঠোৰ আইন প্ৰণয়নৰ দাবী তোলে । তেওঁ কয় -বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ বাবেই গুজৰাট,মধ্যপ্ৰদেশ , কৰ্ণাটক , ঝাৰখণ্ড , আদি বহু ৰাজ্যত এনে আইন প্ৰণয়ন হৈছে । সংবাদ মেলত বিশ্ব হিন্দু পৰিসদৰ উত্তৰ পূব প্ৰান্তৰ মন্ত্ৰী ব্ৰজজ্যোতি শৰ্মা , লক্ষী গগৈ, বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ জিলা সভাপতি তপন বেজবৰুৱা উপস্থিত থাকে
Home অসম আৰু উত্তৰপূব লখিমপুৰত বিশ্ব হিন্দু পৰিষদ,বজৰং দলৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী মিলিণ্ড পৰান্দে ; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে...