হাওৰাঘাট,৯ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা হাওৰাঘাট নগৰখনৰ অন্যতম প্ৰতিষ্ঠাতা তথা স্বনামধন্য ব্যৱসায়ী প্ৰয়াত সাৰ্যৰাম বৰ্মণৰ তৃতীয় সন্তান হাওৰাঘাটৰ সুদক্ষ ফুটবল খেলুৱৈ তথা ফুটবলৰ ৰেফাৰী জগদ্বীশ বৰ্মণ(৭১)ৰ আজি পুৱাৰ ভাগত বাৰ্ধক্যজনিত কাৰণত হাওৰাঘাটৰ নিজ বাসগৃহত দেহাৱসান ঘটে । উল্লেখ্য যে সুদক্ষ ক্ৰীড়া সংগঠক হিচাপে সুপৰিচিত তথা ফুটবলৰ ৰেফাৰী হিচাপে সকলোৰে মাজত জনপ্ৰিয় জগদ্বীশ বৰ্মণে সমগ্ৰ হাওৰাঘাট অঞ্চলতে ফুটবল খেল খেলাৰ উপৰি অঞ্চলটোৰ প্ৰায়বোৰ ঠাইতে ৰেফাৰী হিচাপে ভাগ লৈছিল । ১৯৭৮ চনত All India Inter University Meet ৰ সময়ত প্ৰয়াত জগদ্বীশ বৰ্মণে গুৱাহাটী ইউনিভাৰ্ছিটিৰ হৈ ফুটবল খেলৰ নেতৃত্ব প্ৰদান কৰিছিল । ইপিনে প্ৰয়াত বৰ্মণৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে হাওৰাঘাট নগৰখনৰ ব্যৱসায়ী সকলে তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই দোকান পোহাৰ বন্ধ ৰাখে । তেওঁৰ মৃত্যুত সমগ্ৰ হাওৰাঘাট অঞ্চলতে শোকৰ ছাঁ পেলায় । মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ আৰু বহু আত্মীয় স্বজনক এৰি গুচি যায় ।