লখিমপুৰ , ৯ জানুৱাৰী : লখিমপুৰত আৰক্ষীৰ ঘৰতে লুটপাত চলালে হামলা চোৰে ।অৰুণাচলৰ আৰক্ষী ভৱেন বুঢ়াগোহাঁইৰ ঘৰত এই চলিল এই চুৰি কাৰ্য্য । উল্লেখ যে ভৱেন বুঢ়াগোহাঁই নামৰ আৰক্ষী গৰাকী কৰ্ম সূত্ৰে অৰুণাচলত থকাৰ সুবিধাতে লখিমপুৰ নগৰৰ বোৱালগুৰিৰ ঘৰত কোনো নথকাৰ সুযোগলৈ চোৰে লুটি নিলে বহু পৰিমাণৰ সা-সামগ্ৰী । ডি চি নামৰ চোৰটোৱে কাঁহৰ বাচন-বৰ্তন,ইনভাৰ্টাৰ মেচিন সহ এটা বেটাৰী,মোবাইল হেণ্ডচেট, এল ই ডি টিভি, দুটা চিলিণ্ডাৰ সহ বহু সা-সামগ্রী লৈ উধাও হৈছিল যদিও আৰক্ষীয়ে চলোৱা অভিযানত উক্ত সামগ্ৰী সমূহ অৰুণাচলৰ পাছিঘাটৰ পৰা উদ্ধাৰ কৰে