চাপৰত পুনৰ ভ্ৰাম্যমাণ কাঠফলা মিল জব্দচাপৰ, মাৰ্চ ২০২৪ঃ ধুবুৰী জিলাৰ বহলপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অধীনস্থ বহলপুৰৰ কুৰ্শাকাটিত বন বিভাগে অভিযান চলাই এটি ভ্ৰাম্যমান কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। বঙাইগাঁও আই ভেলী বনসংমণ্ডলৰ বিষয়াৰ গোপন খৱৰৰ ভিত্তিত বহলপুৰ আঞ্চলিক বন বিভাগ আৰু বন সুৰক্ষা বাহিনীয়ে যুটীয়া ভাৱে চলোৱা অভিযানত লক্ষাধিক টকা মূল্যৰ কাঠফলা মেচিন জব্দ কৰে।ইপিনে বন বিভাগৰ অভিযানৰ বিষয়ে উমান পাই পলাই যায় দুৰ্বৃত্তৰ দলটো। পিছত সকলো সামগ্ৰী বন কৰ্মী সকলে বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আহে।