১৫মাৰ্চ, গহপুৰ:নাবাৰ্ডৰ উদ্যোগত ১৫ দিনীয়া ধূপকাঠি আৰু চাবোন প্ৰস্তুতৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কলাবাৰী মূলাগাভৰু চি এল এফৰ কাৰ্যালয়ত বিভিন্ন আত্মসহায় গোটৰ ৩০জনীয়া মহিলাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণাদ্বীপ চুতীয়া আৰু নাবাৰ্ডৰ সহ পৰিচালক প্ৰিয়ংকা ভগতৰ লগতে বিপিএম অজয় হালৈ। প্ৰশিক্ষণ ৰীণা বৰুৱাৰ তত্ত্বাৱধানত হ’বলগীয়া এই প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী উই ফৰ ইউ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পূব ছয়দুৱাৰৰ সহযোগিতাত অনুষ্ঠিত কৰা হৈছে।